আঘোণৰ কথাৰে- ৰাজলক্ষ্মী বৰঠাকুৰ

Pc Anubhobor koroni

আঘোণৰ কথাৰে

কুঁৱলীৰ আৱৰণ ফালি
পুৱাৰ ৰাঙলী সুৰুযে ভুমুকি মাৰিলে,
আঘোণৰ চোতালত ৰদ কাচলিত বহি
আইতাই নাতি- নাতিনীৰ লগত ললে ৰবাব টেঙাৰ জুতি
দাৱনীয়ে লাৱনী হাতেৰে
আঘোণৰ পথাৰত ধানৰ মুঠিত কাঁচিৰ পৰশ দিলে।
সোণ গুটিৰ ভৰত আঘোণাকাইৰ
কান্ধৰ বিৰিয়া কঁপি উঠিল
আঘোণৰ শেষত আনন্দ মনেৰে আই-লখিমীক
আদৰি আনি ভঁৰাল ভৰাব ।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট