আগন্তুক পৌৰসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ভাৰতীয় জনতাপার্টী, অসম প্রদেশৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা

আগন্তুক পৌৰসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ভাৰতীয় জনতাপার্টী, অসম প্রদেশৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক পৌৰসভা নির্বাচন প্রস্তুতি সন্দৰ্ভত আজি গুৱাহাটীৰ মাছখােৱস্থিত আই টি এত ভাৰতীয় জনতা পাৰ্টী, অসম প্রদেশৰ এক গুৰুত্বপূর্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।  এই বিশেষ সভাত দলৰ সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, জিলা সভাপতি, জিলা প্ৰভাৰী আৰু সহ প্রভাৰী, মণ্ডল সভাপতি, দলীয় মুখপত্ৰসকলৰ সৈতে আগন্তুক পৌৰ নির্বাচন সম্পর্কত বিভিন্ন গুৰুত্বপূর্ণ আলােচনা কৰা হয়। সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি দলক ৰাইজৰ অধিক ওচৰ চপাই নিবলৈ কার্যকর্তা সকলে গুৰুত্বপূর্ণ ভুমিকা ল’ব লাগিব। সমাজৰ বাবে উৎসর্গিত মনােভাবেৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নগৰ নিকায়সমূহক অধিক ৰূপান্তমুখী কৰাৰ বাবে ঐকান্তিকতাৰে নিজকে নিয়ােজিত কৰিব লাগিব। পৌৰসভা আৰু পঞ্চায়ত নির্বাচন দল বিহীনভাৱে অনুষ্ঠিত কৰাৰ পােষকতা কৰা হৈছে যদিও সময়ৰ নাটনিৰ বাবে এয়া সম্ভৱ হৈ নুঠিব। যিসকলে সমাজৰ বাবে কাম কৰাৰ বাবে ইচ্ছুক, সেইসকল সৎ আৰু উৎসর্গিত মনােভাবেৰে কাম কৰা ব্যক্তিক নির্বাচনত অগ্রাধিকাৰ দিয়াৰ বাবে প্রয়াস চলােৱা হ’ব বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে দুর্নীতিপৰায়ণ আৰু অযােগ্য ব্যক্তিক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ দিলে তৃণমূল পর্যায়ত উন্নয়নৰ প্রক্রিয়াটো বাধাপ্রাপ্ত হয়। মুখ্যমন্ত্ৰীয়ে কয় যে ১০২ খন পৌৰ এলেকাতপথ,নলা-নর্মদা, ষ্ট্রীট লাইট,উদ্যান, ষ্টেডিয়ামকে ধৰি উন্নত আন্তঃগাঁথনি গঢ়ি তােলাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাইছে। এই উন্নয়নমূলক কাম-কাজসমূহ নিয়াৰিকৈ কৰি তুলিবলৈ নিকা ভাৱমূৰ্ত্তি আৰু উৎসর্গিত মনােভাবেৰে কাম কৰা ব্যক্তিৰ প্রয়ােজন বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সপােনক বাস্তৱায়িত কৰিবলৈ হলে সকলােধৰণৰ বাধা নেওচি কাম কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সুৰা ব্যৱসায়ৰ বাহিৰে পঞ্চায়ত এলেকাত কোনাে ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ প্রয়ােজন নহ’ব। সকলাে জিলাতে সংহত উপায়ুক্তৰ কার্যালয় নির্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে আৰু ইয়াৰ ফলত বিভিন্ন চৰকাৰী কার্যালয়ৰ সুবিধাসমূহ এতিয়া একে ঠাইতে উপলব্ধ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।  সভাত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় উপ সভাপতি তথা দলৰ ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সহ-প্রভাৰী পৱন শর্মা, প্রাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্রী অশােক সিংহল, প্রাক্তন সভাপতি তথা বিধায়ক সিদ্ধার্থ ভট্টচার্য, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাকে ধৰি দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে।