“আখলৰ জুতি” – অপৰাজিতা গোস্বামী

pc rakshikajain (Images are only for representation purpose)

আখলৰ জুতি

অপৰাজিতা গোস্বামী,
দেৰগাঁও

            সহজলভ্য খাদ্য সামগ্ৰীৰে সুস্বাদু আৰু পুষ্টিকৰ আহাৰ প্ৰ,স্তুত কৰি ভিন্ন ৰুচিৰ আহাৰ পৰিৱেশন কৰাত গৃহিনীগৰাকীৰ এক অভিৰুচি থকাটো উচিত। গৃহিনীসকলৰ বাবে তেনে দুবিধ আহাৰৰ প্ৰস্তুত প্ৰণালী তলত উল্লেখ কৰা হ’ল –

            বনশাকৰ বৰ দিয়া আঞ্জা

            উপকৰণঃ মাটি কাণ্ড ুৰী শাক ২৫০ গ্ৰাম, সৰু টেঙেচি শাক ১৫০ গ্ৰাম, মচুৰ ডাইল ১০০ গ্ৰাম, মিঠিগুটি ৫ গ্ৰাম, মিঠাতেল ৫০ গ্ৰাম, মজলীয়া আকাৰৰ আলু -২টা, বিলাহী ৩ টা, নিমখ, হালধি আদি আন্দাজমতে।

            প্ৰণালীঃ এটা পাত্ৰ মচুৰ ডাইলখিনি তিয়াই ৰাখক। দুয়োবিধ শাক পৰিস্কাৰ পানীৰে ধুই প্ৰেচাৰ কুকাৰ বা কেৰাহীত আলু আৰু বিলাহীৰ সৈতে ১৫ৰ পৰা  ২০ মিনিট সিজাওক।

            সিজুৱা শাকখিনি এটা পাত্ৰৰ ওপৰত চালনী এখন লৈ তাৰ ওপৰত ধালি ৰাখিব। তিয়াই থোৱে ডাইলখিনি মিক্সী বা পতাত পিচি লওক। আন্দাজ মতে নিমখ  হালধি দি বৰৰ আকাৰত সাজি এখন কেৰাহীত তেল দি ৰঙাকৈ ভাজক। চালনীত থকা সিতাখিনি পেলাই দি পাত্ৰটোত থকা মিশ্ৰণত আলু আৰু বিলাহীখিনি ভাঙিলৈ মিলাওক কেৰাহীত তেল, মিঠিগুটি দি মিশ্ৰণখিনি আৰু ভজা বৰখিনি বাকি দিয়ক। ভালকৈ উতল আহিলে নমাই থৈ ঠাণ্ডা হলে ভাতৰ লগত  আহিলে নমাই থৈ ঠাণ্ডা হলে ভাতৰ লগত পৰিবেশন কৰক।

            আলুৰ কাট্লাট্ঃ

            উপকৰণঃ ডাঙৰ আলু ৪ টা, ব্ৰেড ৯০ পিচ, বিস্কুটৰ গুড়ি, জলকীয়া গুড়ি, ১চাহ-চামোচ, জালুকৰ গুড়ি আধা চামোচ, কণী  ৪ টা, গাখীৰ ৩ কাপ, নিমখ আন্দাজ মতে, ভাজিবৰ জোখাৰে তেল।

            প্ৰণালীঃ আলু সিজাই বাকলি গুচাই পিটিকি লওক। ব্ৰেডখিনি গাখীৰত তিয়াই ৰাখক। পিটিকা আলুখিনি ব্ৰেডখিনিৰ লগত ভালকৈ সানি পেলাওক। এই মিশ্ৰণখিনি সৰু সৰু ভাগ কৰি কাট্লেট্ৰ আকাৰত সাজক আৰু বিস্কুটৰ গুড়িত লেটিয়াই লওঁক। কণীকেইটা ফেটাই অকনমান নিমখ দিয়ক। কাট্লেট্ কেইটা কণীত দুবাই অকৌ বিস্কুটৰ গুড়ি ছটিয়াই গৰম তেলত ভাজি গৰমে গৰমে পৰিৱেশন কৰক।