আকৌ চৰ্চাত ডি এন এল এ

Pc The sentinel assam

আকৌ চৰ্চাত ডি এন এল এ

ৰঙিলী বাৰ্ত্তাসেৱা- এমাহ পূৰ্বে শান্তিৰ পথলৈ ঘূৰি অহা ডিমাছা উগ্ৰপন্থী সংগঠন ডি এন এল এ পুনৰ বিৰ্তকত সোমাই পৰিছে ৷ এই মূহূৰ্তলৈকে আৰক্ষীয়ে একো কথা নিশ্চিত কৰা নাই যদিও গঞা ৰাইজৰ ভাষ্য অনুসৰি সদ্য অস্ত্ৰ বিৰতিলৈ অহা ডি এন এল এ উগ্ৰপন্থীয়ে লাংটিঙৰ পৰা ৬ গৰাকী গঞাক  তেওঁলোকৰ মাইবঙত থকা ডেজিগনেটেড কেম্পলৈ মাতি আনে ৷ তাৰ পিছতে ডি এন এল এৰ এটা দলে ৬ গৰাকী লোকক প্ৰচণ্ড মাৰপিট কৰে৷ লাঠিৰে লোক কেইগৰাকীক ইমানেই মাৰধৰ কৰে যে যাৰ ফলত দুগৰাকী ব্যক্তিৰ মৃত্যু হয় আৰু আন ৪ গৰাকী গুৰুত্বৰভাৱে আহত হয় ৷ এই বিষয়ে জানিব পাৰি আৰক্ষীৰ দল গৈ আহত সকলক উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে আৰক্ষীয়ে এই ঘটনাত জড়িত ৫ গৰাকী ডি এন এল গৰ নেতা কেডাৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ কিন্তু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে কোনো তথ্য আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমক অৱগত কৰা নাই ৷