” আই ” – সুষমা গোস্বামী,যোৰহাট

” আই “

দহমাহ দহদিন , গৰ্ভত ধাৰণ কৰি ,
ওৰেতো কাল অনেক
দুঃখ যন্ত্ৰণা সহি
জন্মৰ প্ৰাক্ ক্ষনত পোৱা
সমস্ত যন্ত্ৰণাকো নেওচি
আমাক জন্ম দিয়া
সেইগৰাকী জন্মদাত্ৰি আইলৈ
যাচিছোঁ শতকোটি প্ৰণিপাত ।

ওপজিয়েই কান্দে যি মাকক বিচাৰি
সেই সন্তানেই আজি ,
কন্দুৱাইছে মাকক
হাৰাশাস্তি কৰি।
কি হ’ব পূজিলে আইক
দিবসটি পাতি
যদিহে নাথাকে হিয়াত
শ্ৰদ্ধা – ভক্তি ।

দিবসৰ অৰ্থ কেৱল
ধূপ- দীপতে ৰাখি সীমাবদ্ধ
খুৱাইছে নগুৰ – নাগতি আইক
কৰি অনেক দুষ্কাৰ্য ।

শত পূণ্যৰ ফলতহে লভে এটি সু সন্তান ,
সেই সন্তানেই আজি
মানৱীয় গুণৰাজিক দি জলাঞ্জলি
নাক কোচখাই যোৱা….
বলাৎকাৰৰ দৰে জঘন্য কাণ্ডৰে আইৰ
উলিয়াইছে দুঃখৰ চকুপানী ।

হে জীৱশ্ৰেষ্ঠ পুত্ৰ ,
দিবসৰ অৰ্থখিনি অন্তৰত লভি
শুদ্ধ আৰু পবিত্ৰতাৰে
ভৰিবলৈ দিয়া তোমাৰ মনোবৃত্তি ।
স্বাৰ্থপৰতাখিনি পথিওঁৱা খেদি
ভাতৃত্ব বোধজ্ঞান অন্তৰত ৰাখি ।
কলুষতা খিনিকো তুমি
পেলোঁৱা , আতৰ কৰি ।

সততাৰে আইক তুমি
পূজিবলৈ শিকা……
স্বৰ্গীয় অনিন্দ্য সুখ অন্তৰত লভিবা ॥

সুষমা গোস্বামী , ১৪ – ৬ – ২০২১ ,
যোৰহাট