আই চি চি টেষ্ট ৰেংকিঙৰ শীৰ্ষ দহত যশপ্ৰীত বুমৰাহ

pc- Times of India

আই চি চি টেষ্ট ৰেংকিঙৰ শীৰ্ষ দহত যশপ্ৰীত বুমৰাহ

অনলাইন বাৰ্ত্তাসেৱা- আই চি চি টেষ্ট ৰেংকিঙত টীম ইণ্ডিয়াৰ স্পীড ষ্টাৰ যশপ্ৰীত বুমৰাহে শীৰ্ষ দহত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ফৰ্মৰ কাৰণে কিছু যুঁজিব লগা হৈছি যদিও বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে প্ৰকাশ কৰা ৰেংকিং তালিকাত শীৰ্ষ দহৰ মাজলৈ উভতি আহিবলৈ সক্ষম হ’ল বুমৰাহ। প্ৰকাশিত তালিকাত পূৰ্বৰ স্থানৰ পৰা এটা স্থান পিছুৱালে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে। সদ্যপ্ৰকাশিত তালিকাখনৰ শীৰ্ষ দহৰ ভিতৰত ভাৰতীয় তিনিগৰাকী বেটছমেনে স্থান লাভ কৰিছে। এই বেটছমেন তিনিগৰাকী হ’ল অধিনায়ক বিৰাট কোহলী, সহঃ অধিনায়ক ৰোহিত শৰ্মা আৰু উইকেটকিপাৰ বেটছমেন ঋষভ পন্ত।

 

(R.T)