আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষস্থানত টীম ইণ্ডিয়া

বাৰ্ত্তাসেৱা – আই চি চিৰ টেষ্ট ৰেংকিঙত শীর্ষ স্থান অক্ষুণ্ণ ৰাখিলে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই ৷ বৃহস্পতিবাৰে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে প্ৰকাশ কৰা বাৰ্ষিক টেষ্ট ৰেংকিঙত নিউজিলেণ্ডক অতিক্রমী পুনৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল ভাৰতীয় টেষ্ট দলটোৱে। প্রকাশিত তালিকা অনুসৰি ২৪ খন মেচৰ পৰা ১২১ ৰেটিং তথা ২৯১৪ পইণ্টেৰে শীৰ্ষ স্থানত আছে ভাৰতীয় টেষ্ট দলটো। ইয়াৰ বিপৰীতে ভাৰততকৈ কিছু পইণ্টৰ ব্যৱধানত থকা নিউজিলেণ্ডে ১৮ খন টেষ্টৰ পৰা ১২০ ৰেটিঙেৰে ২১৬৬ পইণ্ট লাভ কৰি দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হ’ল। ভাৰতে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-১ ব্যৱধানত শৃংখলা জয় কৰিছিল৷ ইয়াৰ পাছতে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ঘৰুৱা টেষ্ট শৃংখলাত টীম ইণ্ডিয়াই জয় সাব্যস্ত কৰিছিল ৩-১ ব্যৱধানত । এই দুই শৃংখলা জয়ৰ সুবাদতে তালিকাৰ শীৰ্ষ স্থানত আৰোহণ কৰে টীম ইণ্ডিয়াই। ইয়াৰ বিপৰীতে নিউজিলেণ্ড দলটোৱেও বিগত সময়ছোৱাত দুটা টেষ্ট শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল। দলটোৱে ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলা দুটা জয় কৰাৰ পাছতে তালিকাৰ দ্বিতীয় স্থানত উপৱিষ্ট হয়। ভাৰত আৰু নিউজিলেণ্ড প্রথম আৰু দ্বিতীয় স্থানত থকাৰ বিপৰীতে তালিকাৰ তৃতীয় স্থানত আছে ইংলেণ্ড। ১০৯ ৰেটিঙেৰে ইংলেণ্ড তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে ১০৮ ৰেটিঙেৰে তালিকাৰ চতুৰ্থ স্থানত আছে অষ্ট্রেলিয়া। ইয়াৰ পাছতে ৯৪ ৰেটিঙেৰে পাকিস্তান পঞ্চম স্থানত থকাৰ বিপৰীতে ষষ্ঠ স্থানত আছে ৱেষ্ট ইণ্ডিজ ৷ একেদৰে তালিকাখনৰ সপ্তম স্থানত দক্ষিণ আফ্রিকা, অষ্টম স্থানত শ্রীলংকা, নৱম স্থানত বাংলাদেশ থকাৰ বিপৰীতে ৩৫ ৰেটিঙেৰে তালিকাৰ অন্তিম স্থানত আছে জিম্বাব’ৱে। ইফালে মাত্ৰ কেইটামান পইণ্টৰ ব্যৱধানত প্ৰথম আৰু দ্বিতীয় হৈ থকা ভাৰত আৰু নিউজিলেণ্ডৰবাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলখন গুৰুত্বপূৰ্ণ হৈ পৰিছে। কিয়নো এই ফাইনেলখনৰ ফলাফলে টেষ্ট ৰেংকিঙত স্পষ্টভাৱে প্ৰভাৱ পেলাব।