আই চি চিৰ এদিনীয়া ৰেংকিংত বেটিঙৰ তালিকাত দ্বিতীয় স্থান আৰু তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে বিৰাট আৰু ৰোহিতে

PC The Indian Express

অনলাইন বাৰ্ত্তাসেৱা – আই চি চিয়ে প্ৰকাশ কৰা এদিনীয়া ৰেংকিং তালিকাত পূৰ্বৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু সহঃ অধিনায়ক ৰোহিত শৰ্মাই। প্ৰকাশিত তালিকাত ভাৰতীয় দলৰ অধিনায়ক কোহলিয়ে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ৰোহিত শৰ্মা আছে তৃতীয় স্থানত। একেদৰে শেহতীয়াকৈ ক্ৰিকেট ফিল্ডত ধাৰাবাহিক উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা পাকিস্তানৰ বাবৰ আজম পুনৰ শীৰ্ষ স্থানতে থাকিল। বাবৰ ৮৬৫ পইন্টেৰে তালিকাৰ শীৰ্ষ স্থানত থকাৰ বিপৰিতে ৮৫৭ পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে বিৰাট কোহলি। ইফালে বলিঙত নিউজিলেণ্ডৰ ট্ৰেন্ট বʼল্ট শীৰ্ষ স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বাংলাদেশৰ মেহদি হাছান। উল্লেখ্য যে বাংলাদেশৰ ক্ৰিকেট ইতিহাসত শীৰ্ষ  দুইৰ মাজত প্ৰৱেশ কৰা তৃতীয়জন বলাৰৰূপে পৰিগণিত হৈছে মেহদি হাছান। ইফালে তালিকাৰ তৃতীয় স্থানত আছে আফগানিস্তানৰ মুজিব-উৰ-ৰহমান আৰু তাৰ পিছতে আছে নিউজিলেণ্ডৰ বেগী বলাৰ মেট হেনৰী। উল্লেখ্য যে ভাৰতৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহে তালিকাৰ পঞ্চম স্থানত আছে।