আই.এম.ডি.ৰ ভৱিষ্যতবাণীঃ দিল্লী, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ কিছু অংশত বৃষ্টিপাতৰ সৈতে বজ্ৰপাতৰ সম্ভাৱনা

pc OpIndia

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি দিল্লী, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ বিভিন্ন অঞ্চলত নিম্নৰ পৰা মধ্যমীয়া হাৰত বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ ভৱিষ্যতবাণী কৰিছিল। আই.এম.ডি.য়ে পুৱা এক টুইটযোগে প্ৰকাশ কৰে  দক্ষিণ-পশ্চিম দিল্লী, ফাৰুখনগৰ, ভিৱানী, চাৰ্কি-দাদৰী, ভিৱাড়ী, ঝাজ্জৰ (হাৰিয়ানা) আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত নিম্নৰ পৰা মধ্যমীয়া হাৰত বৃষ্টিাপাতৰ সৈতে বজ্ৰপাতো দেখা যাব।

(UD.)