আইৰ উমাল পৰশত জীৱনৰ পাতনি- ৰশ্মি ৰেখা দুৱৰা

Pc Pinterest

আইৰ উমাল পৰশত জীৱনৰ পাতনি

                     ৰশ্মি ৰেখা দুৱৰা
                           ডিব্ৰুগড়

জন্ম হৈয়ে সৌভাগ্য হৈছিল আইৰ মুখখনি চোৱাৰ
নিৰ্ভেজাল মৰমৰ আলিঙ্গনত সৰি পৰিছিল
আইৰ দুখ-যন্ত্ৰণাৰ মুহূৰ্তবোৰ,
সন্তানৰ আলফুল মিচিকিয়া হাঁহিত
সৰ্বস্ব মৰমৰ টোপোলাটো অৰ্পণ কৰিছিল
কেতিয়াবা কান্দোন,কেতিয়াবা হাঁহি
সৰ্বত্ৰ মাথোঁ মাতৃৰ মৰমৰ বুলনি।
সন্তানৰ প্ৰতি সহমৰ্মিতা,মাতৃস্নেহ
বাৰে বাৰে চিঞৰি কান্দিলেও
আইৰ মৰমৰ নিচুকনি
আইৰ উমাল পৰশতে জীৱনৰ পাতনি,
নৱ আলোকসন্ধানী জীৱনৰ গতিশীল চক্ৰ
আইৰ পৰশত থুপুক-থাপাক খোজ
থুনুক-থানাক মাতেৰে বহু ভাৱ-ভংগীৰে
নিগৰিছিল গীতৰ কলি।
অক্ষৰ লিখাত বাৰে বাৰে ব্যৰ্থ
হাতত হাত ধৰি মৰমেৰে শিকাইছিল
অ,আ,ক,খ
আৰু যে কত কি?
আইৰ সান্নিধ্যতে ওপজিলোঁ
জগতৰ অনুপম ধৰিত্ৰীত
সম্যক জ্ঞানেৰে সুপৰিপক্ব কৰি
সজালে বাস্তৱমুখী হ’বলৈ।
প্ৰতিটো মুহূৰ্ততে দিছিলোঁ কষ্ট
সেয়া আইৰ বাবে আছিল আনন্দৰ বন্যা
মহামানৱৰ ৰম্যভূমিত ৰঙেৰে ৰঙীন কৰি
জীৱনটো সজাবলৈ শিকালা,
ব্যৰ্থ হোৱা ক্ষণবোৰ পৰিত্যাগ কৰি
আগুৱাই যাবলৈ যাচিলা অদম্য উৎসাহ
নিৰ্ভয়ে আজি আই,তোমাৰ পৰশতে
বিচাৰি ললোঁ সমস্ত সুখ।
সাহসেৰে আশীৰ্বাদ গ্ৰহণ কৰি
জীৱনৰ ৰথখন চলাই গলোঁ
ক্লান্ত নোহোৱালৈ,অধীৰ আগ্ৰহেৰে।