আইমী বৰুৱা ফাউণ্ডেছন আৰু এফ আই চি চি আইৰ প্ৰশংসনীয় পদক্ষেপ

আইমী বৰুৱা ফাউণ্ডেছন আৰু এফ আই চি চি আইৰ প্ৰশংসনীয় পদক্ষেপ

 ৰঙিলী বাৰ্ত্তাসেৱা-  আইমী বৰুৱা ফাউণ্ডেশ্যনে সময়ে সময়ে বিভিন্ন প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেই অনুসৰি বুধবাৰে জাগীৰোডত আইমী বৰুৱা ফাউণ্ডেশ্যন আৰু FICCI flo ৰ যৌথ উদ্যোগত মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিভিন্ন সমস্যাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ” স্বাস্থ্যকৰ মাহেকীয়া শিবিৰ” অনুষ্ঠিত কৰে। অনুষ্ঠান দুটাৰ যুটীয়া উদ্যোগত জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত এই সজাগতামূলক শিবিৰৰ জৰিয়তে বিদ্যালয়খনৰ ছাত্ৰী আৰু একাংশ যুৱতীক মাহেকীয়াৰ সময়ত ল’বলগীয়া সাৱধানতা সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়। তদুপৰি যুৱতী- মহিলাসকলৰ মাজত চেনিটাৰী নেপকিন, মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে। উল্লেখযোগ্য যে, অনুষ্ঠানত উপস্থিত থাকি অভিনেত্ৰী আইমী বৰুৱাই কয় -” মহিলা সকল সুৰক্ষিত হৈ থাকিলেহে সমাজখন সুৰক্ষিত হৈ থাকিব, সুস্থ- সৱল হৈ থাকিব। মই বিচাৰোঁ প্ৰত্যেক গৰাকী মহিলা শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাটো।” তদুপৰি ভাষণ প্ৰসংগত অভিনেতা গৰাকীয়ে কয় যে অন্ধ বিশ্বাস বা অন্যান্য কাৰণবশতঃ বহু যুৱতী- মহিলাই চেনিটাৰী নেপকিন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে মাহেকীয়াৰ সময়ত লেতেৰা কাপোৰ ব্যৱহাৰ কৰে যাৰ ফলত বিভিন্ন ৰোগে দেখা দিয়ে। তেনে নকৰিবলৈ অভিনেত্ৰী গৰাকীয়ে সকলোকে আহ্বান জনাই অনাগত দিনতো আইমী বৰুৱা ফাউণ্ডেশ্যনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। আনহাতে এই অনুষ্ঠানত FICCI flo ৰ অধ্যক্ষা সুৰুচি আগৰৱাল , উপাধ্যক্ষা ডাঃ শান্তাশ্ৰী ভূঞা, মনোৰোগ বিশেষজ্ঞ অৰুণা স্বাৰাগী, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ প্ৰমুখ্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।