অ’ জোন অ’ জোন -চম্পক বেজবৰুৱা

pc Shutterstock

অ’ জোন অ’ জোন (শিশু-কবিতা)

অ ‘ জোন অ’ জোন
পঢ়াশালিলৈ ওলোৱা ,
অ – ফলা ক – ফলা
তেহে শিকিব পাৰিবা ।

প্ৰাতঃকালত এৰিবা বিছনা
সূৰ্য্যক কৰিবা প্ৰণাম ,
শৰীৰ চৰ্চা দেহৰ বাবে
অত্যন্ত ভাল কাম ।

মাঁ হ’ল প্ৰথম গুৰু
কৰিবা নিতে শ্ৰদ্ধা ,
ঈশ্বৰক স্মৰণ কৰি
প্ৰাৰ্থনা কৰিবা সন্ধ্যা।

খেলা – ধূলা হাঁহি – ধেমালি
সমনীয়াৰ লগত কৰিবা মিলিজুলি ,
গুৰুক মানি গৃহকাৰ্য্য
নিয়মিত কৰিবা মনপুতি ।

দিনৰ অন্তত সন্ধিয়া পৰত
মাঁয়ে জ্বলাব চাকি – ধূনা ,
চোতালত ঢাৰি পাৰি
তুমি কৰিবা পঢ়া – শুনা।

চম্পক বেজবৰুৱা
নলবাৰী (অসম)
ফোনঃ ৭০৯৯৭-৯৬২৯৪