অৱহেলিতা নাৰী- ময়ূৰাক্ষী গগৈ

PC Her Way

অৱহেলিতা নাৰী

পুৰুষ শাসিত সমাজত
নাৰী তুমি যুগে যুগে
অৱহেলিতা,নিৰ্যাতিতা।
পূজা মণ্ডপৰ দেৱীক
কৰযোৰ কৰা পুৰুষ জনেই
কুণ্ঠাবোধ নকৰে
নিজৰ পত্নীৰ ওপৰত হাত তুলিবলৈ।
মঞ্চত নাৰীক প্ৰশংসাৰ
মালা পিন্ধোৱা
পুৰুষ জনেই কিন্তু
পত্নীৰ উন্নতিত ঈৰ্ষান্বিত হয়।
কটু বাক্য বানে ঘৰ খনত
সৃষ্টি কৰে ধুমুহাৰ।
ভদ্ৰতাৰ মুখা পিন্ধা
এই পুৰুষৰ মাজতে লুকাই আছে
একো একোটা ৰাক্ষস।
হে নাৰী,জাগিবৰ হ’ল
দুৰ্গতি নাশিনী দুৰ্গা হৈ
পুৰুষৰ মাজত লুকাই থকা
ৰাক্ষস বোৰক নিপাত কৰিবৰ

ময়ূৰাক্ষী গগৈ,
যোৰহাট।