অৱসৰপ্ৰাপ্ত জনসংযােগ বিষয়াৰ পৰলােকপ্রাপ্তি 

অৱসৰপ্ৰাপ্ত জনসংযােগ বিষয়াৰ পৰলােকপ্রাপ্তি 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক ইন্দুভূষণ নাথৰ আজি ৬ এপ্রিল, ২০২২ তাৰিখে পুৱা ৪.০০ বজাত তেজপুৰৰ চান্দমাৰীস্থিত বাসগৃহত পৰলােকপ্রাপ্তি ঘটে। জনসংযােগ বিভাগৰ পৰা ১৯৯৮ চনৰ ৩১ মার্চ তাৰিখে অৱসৰ গ্ৰহণ কৰা উপসঞ্চালকগৰাকীয়ে আগবঢ়োৱা সেৱা নিতান্তই অনুকৰণীয় তথা প্রসংশনীয়। ইন্দুভূষণ নাথ এগৰাকী সমাজপ্রিয় সৰবৰহী ব্যাক্তি তথা সু-অভিনেতা, গীতিকাৰ, কবি, নাট্যকাৰ আৰু সুবক্তা আছিল। মৃত্যুৰ সময়ত বিষয়াগৰাকীয়ে সহধর্মিনীৰ সৈতে দুগৰাকী জীয়ৰী আৰু এজন পুত্র সন্তান ইহসংসাৰত এৰি থৈ যায়। আজি তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ সমূহ বিষয়াকৰ্মচাৰীৰ উপস্থিতিত সঞ্চালক বিষ্ণু কমল বৰাৰ সভাপতিত্বত এখন শােকসভা অনুষ্ঠিত হৈ যায়। সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰীয়ে প্রয়াত বিষয়াগৰাকীৰ কর্মজীৱনৰ বিভিন্ন দিশ আলােকপাত কৰে। আজিৰ সভাতে বিষয়াগৰাকীৰ বিদেহ আত্মাৰ সৰ্গতিৰ অর্থে এক মিনিট সময় মৌনতা অৱলম্বন কৰি ভগৱানৰ ওচৰত প্রার্থনা জনােৱাৰ লগতে শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ এক শােক প্রস্তাৱ প্ৰেৰণ কৰা হয়।