“অৰ্থবিহীন” – প্ৰস্তুতি শৰ্মা

pc Unsplash

জীৱন কেনেকুৱা মই ঠিক নাজানো।
সপোন কেনেকুৱা ই সময় দুঃসময়।
মৰম কেনেকুৱা মই ঠিক নাজানো বা নুবুজো
অভিমান বা মিছা অভিনয় কেনেকুৱা মই
ঠিক বুজি নাপাও।
মই কোন ? কোন মোৰ পৰিচয়চ পাত্ৰ
ক’ত আছে মোৰ অস্তিত্ব ?
মৰম ভালপোৱা সেই অভিমান কৰা দিনবোৰ
ক’ত হেৰুৱালো, কোন আজি মোৰ বাবে হৈ
পৰিল অচিনাকি।

যোন আছিল মোৰ একমাত্ৰ সংগী
সি আজি থাকিও দূৰৈৰ এটি ধ্ৰুৱতৰা।
যাক চাব পাৰি ধৰিব নোৱাৰি
বহু দিন হ’ল সেই ৰাস্তাটোৰ লগত মোৰ সম্বন্ধ,
নাই বহুদিন হ’ল যাক হৃদয় জুৰি ভালপোৱা নাই
ভালপোৱা ই কি ? সঁচা দূৰত্ব ? নে বিচ্ছেদ ?
নে দুখন হৃদয়ৰ মিলন।
কোনে দিব মোৰ প্ৰশ্নৰ উত্তৰ,
পাম জানো উত্তৰ বিচাৰি ?
পাব লািগব প্ৰশ্নৰ উত্তৰ
যিহেতু মই অকলশৰীয়া এটি ছায়া।