২৬ মেʼ ২০২১ৰ পৰা  কামৰূপ জিলাৰ বজাৰৰ লগতে ঘৰে ঘৰে কোভিড পৰীক্ষা অভিযান আৰম্ভ

PC- the sentinalassam

 

বাৰ্তাসেৱা-  কালি ২৬ মেʼৰ পৰা  কামৰূপ জিলা প্রশাসনে মহানগৰ জিলাৰ ঘৰে ঘৰে কোভিড পৰীক্ষা অভিযান চলোৱাৰ সমান্তৰালকৈ বজাৰসমূহতো কোভিড পৰীক্ষা কৰোৱাৰ এক ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে। এই অভিযান সম্পর্কে বিতংভাৱে আলোচনা কৰিবলৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলাখনৰ বজাৰ সমিতিসমূহৰ বিষয়ববীয়াৰ লগত এখন সভা অনুষ্ঠিত কৰে। বশিষ্ঠ চাৰিআলি, ছয়মাইল, চুপাৰমার্কেট, গণেশগুৰি, নাৰেংগী, বোন্দা, নুনমাটি, বামুণীমৈদাম, চানমাৰি, শিলপুখুৰী, উজানবজাৰ, পল্টনবজাৰ, উলুবাৰী, গান্ধীবস্তি, ভঙাগড়, কালাপাহাৰ, লখৰা, কটাবাৰী, ফটাশিল আমবাৰী, মাছখোৱা, ফাঁচীবজাৰ, শান্তিপুৰ, ভৰলুমুখ, কুমাৰপাৰা, আঠগাঁও, পামহি, বৰাগাঁও, জালুকবাৰী, পাণ্ডু, বৰাবজাৰ, মালিগাঁও, চাটুলগেট, আদাবাৰী, গোশলা, আদাবাৰী তিনিআলি বজাৰ আদি বজাৰ সমিতি সমূহৰ সভাপতি/সম্পাদকে অংশগ্ৰহণ কৰা এই সভাত বিষয়ববীয়াসকলক  সংশ্লিষ্ট বজাৰৰ দোকানীসকলৰ তালিকা প্ৰশাসনক জমা দিবলৈ উপায়ুক্তই নির্দেশ দিয়ে। প্রশাসনে চলোৱা এই অভিযানত সমিতিৰ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে। মানৱজাতিৰ এই বিপৰ্যয়ৰ সন্মুখত বৃহত্তৰ স্বাৰ্থত সকলোৱে কোভিড টেষ্ট কৰোৱা উচিত বুলি মস্তব্য কৰি তেওঁ কয় যে প্রথম অৱস্থাত চিনাক্ত হʼলে কোভিডৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি। তেওঁ লগতে দোকান-বজাৰ খোলা সময়খিনিত হেণ্ড গ্লʼভছ মাস্ক পৰিধান কৰাৰ উপৰি ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আৰু শাৰীৰিক ব্যৱধান কঠোৰভাৱে মানি চলিবলৈ ক্ৰেতা আৰু বিক্রেতা বিভাগ উভয়পক্ষকে অনুৰোধ কৰে।