অসহায় জীৱন – ৰমণ ৰাজ

pc-dreamstimes

অনুগল্পঃ-

অসহায় জীৱন
——————-
ৰমণ ৰাজ

ৰশ্মিৰ মাকে বহুতদিনৰ মুৰত জীয়েক-জোঁৱায়েকৰ ঘৰলৈ আহিল। জীয়েক ৰশ্মিয়েও নিজৰ জীৱন সুখেৰে চলি যোৱা মাকক দেখুৱাই দুখবোৰ ঢাকি ৰাখি ৰাতি মাকক নিজৰ লগতে বিচনাত শুৱাই ললে।

মাজৰাতি হিৰ হিৰ গিৰ গিৰ শব্দৰে বৰষুণ আহিল।মাক টোপনিত লালকাল। ৰশ্মিৰ বৰষুণ অহা বাবে চিন্তা লাগি গ’ল আৰু মাকে গম নোপোৱাকৈ গোটেই ৰূমত টিনপাতৰ ফুটাৰে পানী পৰা ঠাইত বাল্টি চৰিয়া দিলে আৰু মাক শোৱা ঠাইত একো দিবলৈ নাপালে। বৰষুণৰ পানীত মাকে সাৰ পাই উঠি বহিল আৰু জীয়েকৰ পৰিয়ালৰ সকলোকে তিতি থকা দেখি কিবা কব খুজোতেই জীয়েকে চকুলো মচি কলে–
” মা এয়াই আমাৰ সুখৰ চিন” ।