অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন

Pc Vikaspedia

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি শিশু সৰবৰাহৰ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এখন এদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত কৰে৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সন্মিলনখনৰ আদৰণি ভাষণত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা ড° সুনীতা চাংকাকতিয়ে সভাত উপস্থিত থকা অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ , ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ , ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ, সদস্য,ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট অতিথি তথা সমল ব্যক্তি , বেচৰকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু অসমৰ বিভিন্ন জিলাৰ পৰা অহা বিষয়ববীয়াসকলক আদৰণি জনায়৷সন্মিলনৰ প্ৰথম কাৰিকৰী সত্ৰত ভাষণ দাঙি ধৰি ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ ) ৰ অৱসৰপ্ৰাপ্ত বিষয়া ড° পি এম নায়াৰে শিশু সৰবৰাহ ৰোধত বিভিন্ন অংশীদাৰৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে৷আনহাতে প্রথম সত্ৰৰ দ্বিতীয় গৰাকী সমল ব্যক্তি ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ জ্যেষ্ঠ কাৰিকৰী বিশেষজ্ঞ শ্বাইস্তা থান শ্বাহে শিশুসকলৰ মাজত ড্ৰাগছ আৰু নিচাযুক্ত দ্রব্যৰ অপব্যৱহাৰ প্ৰতিৰোধ আৰু অবৈধ সৰবৰাহৰ বিষয়ত যুটীয়া কর্ম আঁচনি ব্যাখ্যা কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী , অসমৰ সহায়ক অধ্যাপক দেবজিৎ দাসে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু শিশু সৰবৰাহৰ আইনী ব্যৱস্থা ওপৰত আলোকপাত কৰে । সন্মিলনৰ দ্বিতীয় কাৰিকৰী সত্ৰত বিভিন্ন বেচৰকাৰী সংস্থাৰ প্রতিনিধি ক্ৰমে অবনী হালৈ , ড° ৰশ্মি শৰ্মা , প্ৰেৰণা চাংকাকতি আৰু পেৰিন ক্ৰিষ্টোফাৰ আদিয়ে শিশু সৰবৰাহ আৰু নিচাযুক্ত দ্রব্যৰ অপব্যৱহাৰৰ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতা ব্যাখ্যা কৰে । অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিশু সৰবৰাহ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ত এই সন্মিলন অনুষ্ঠিত কৰা বাবে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আযোগক ধন্যবাদ জনাই শিশু সৰবৰাহ ৰোধৰ ক্ষেত্ৰত সকলোকে আগভাগ লবলৈ আহ্বান জনায়। সন্মিলনৰ তৃতীয় কাৰিকৰী সত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ , সদস্য আৰু পৰামর্শদাতাসকলে তেওঁলোকৰ আয়োগৰ কাৰ্যব্যৱস্থা আৰু কাৰ্যসূচী বিষয়ে অৱগত কৰে । অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যা পিলু হাজৰিকা আয়োগৰ ভৱিষ্যত কাৰ্যসূচীৰ বিষয়ে ব্যাখ্যা কৰে । সন্মিলনখন আয়োগৰ সদস্যা ৰুপা হাজৰিকাৰ শলাগৰ শৰাইৰ জৰিয়তে অন্ত পৰে । উল্লেখ্যযোগ্য যে সন্মিলনত অসমৰ ৩৩ খন জিলাৰ ২০০ ৰ অধিক চৰকাৰী বিষয়া উপস্থিত থাকে ।