অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ১১ তম প্রতিষ্ঠা দিৱসত ২৫৫ গৰাকী দৌৰবিদৰ “ৰান ফৰ ৰেজিলিয়েঞ্চ’’ ত অংশগ্রহণ

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ১১ তম প্রতিষ্ঠা দিৱসত ২৫৫ গৰাকী দৌৰবিদৰ “ৰান ফৰ ৰেজিলিয়েঞ্চ’’ ত অংশগ্রহণ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কৰ্তৃপক্ষই ২৩ মার্চ, ২০২২ তাৰিখে ‘‘ৰান ফৰ ৰেজিলিয়েঞ্চ” শীর্ষক বিষয়বস্তুৰ অধীনত মাৰাথন দৌৰৰ আয়োজন কৰি ১১ তম প্রতিষ্ঠা দিৱস উদযাপন কৰে । এই দৌৰৰ কেন্দ্ৰবিন্দু আছিল অসমত দুর্যোগৰ সময়ত ঋতুস্ৰাৱৰ পৰিচ্ছন্নতাৰ ওপৰত সজাগতা সৃষ্টি কৰা তথা চেনিটাৰী ভেণ্ডিং আৰু ডিচপজেল মেচিন স্থাপনৰ জৰিয়তে মহিলাসকলক সমর্থন প্রদান কৰা।

দিশপুৰৰ অসম সচিবালয়ৰ পৰা পুৱা ৫:৩০ বজাত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব শ্রী অবিনাশ যোশীয়ে এই দৌৰৰ শুভাৰম্ভ কৰে। ইয়াত প্রায় ২৫৫ গৰাকী দৌৰবিদে অংশগ্ৰহণ কৰে যাৰ ভিতৰত বিপুল বাৰিকে (২২) প্রথম স্থান লাভ কৰে লগতে দেৱজিৎ দাস (২৭) প্রথম ৰানাৰ আপ আৰু প্ৰণৱ কলিতা (৩১) দ্বিতীয় ৰানাৰ আপ হিচাপে বিবেচিত হয় ৷ মাৰাথনৰ আটাইতকৈ কনিষ্ঠ অংশগ্ৰহণকাৰী ৫ বছৰ বয়সৰ লগ্ন উৰচুলাকো দৌৰবিদসকলৰ তৰফৰ পৰা ভূয়সী প্রশংসা লগতে পুৰস্কৃত কৰা হয় । সকলো বয়সৰ লোকে এই মাৰাথনত অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া শ্রী জি. ডি. ত্রিপাঠীয়ে কয় “অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এক ভৱিষ্যতৰ কল্পনা কৰিছে য’ত প্ৰতিগৰাকী মহিলাই ঋতুস্ৰাৱৰ সময়ত চাপ, লাজ, কলংক আৰু তথ্য বা যোগানৰ প্রতিবন্ধকতা অনুভৱ নকৰাকৈ তেওঁৰ স্বাস্থ্যৰ বিষয়ে শিকিব, খেলিব আৰু নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰে। অসম ৰাজ্যিক দুর্যোগ
ব্যৱস্থাপনা প্ৰাধিকৰণ কৰ্তৃপক্ষই এইবাৰ প্ৰথমবাৰৰ বাবে ক্রাউড ফাণ্ডিঙৰ প্ৰচেষ্টা হাতত লৈ মহিলা আৰু কিশোৰীসকলক লক্ষ্য কৰি ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রস্তুতিত নাগৰিকসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । ইয়াৰ মুখ্য উদ্দেশ্য হল নাগৰিকসকলক নিয়োজিত কৰা তথা ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা ব্যৱস্থাপনাৰ গুৰুত্ব আৰু প্ৰভাৱৰ বিষয়ে তেওঁলোকক সংবেদনশীল কৰা”।

এই অনুষ্ঠানত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া শ্রী জি. ডি. ত্ৰিপাঠী আৰু ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব শ্রী অবিনাশ যোশীৰ উপৰিও অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান শ্রী মুন্না প্রসাদ গুপ্তা, অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ বিশেষ সচিব তথা সঞ্চালক শ্রী পি. এল. এন. ৰাজু, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উপ সঞ্চালক শ্ৰীমতী জয়শ্রী খেৰচা আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া সচিব তথা উপ মুখ্য কার্যবাহী বিষয়া শ্রী চিন্ময় নাথ উপস্থিত থাকে।