অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ সংঘৰ্ষত গুৰুত্বৰভাৱে আহত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰ

pc-times8

অনলাইন বাৰ্ত্তাসেৱা-  অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সোমবাৰে মিজোৰ গুলীত ৭ জনকৈ ব্যক্তি নিহত হোৱাৰ লগতে ৭০ জনতকৈ অধিক লোক আহত হোৱাৰ লগতে ত্বৰভাৱে আহত হৈছিল কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰ।আৰক্ষী অধিক্ষকগৰাকীৰ দেহত লাগিছিল মিজোৰ গুলী।সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজৰ আই চি ইউত চিকিৎসাধীন হৈ থকা আৰক্ষী অধিক্ষকজনৰ উৰুত এক অস্ত্ৰেপচাৰ কৰাৰ প্ৰয়োজন। জানিব পৰা মতে আৰক্ষী অধিক্ষকগৰাকীৰ পৰিয়ালে নিজৰ গৃহ ৰাজ্য মুম্বাইত এই অস্ত্ৰোপচাৰ কৰিবলৈ বিচাৰিছে। সেয়েহে পৰিয়ালৰ ইচ্ছা অনুসৰি আৰক্ষী অধীক্ষকগৰাকীক মুম্বাইলৈ এয়াৰ লিফ্ট কৰাৰ সম্ভাৱনা আছে।