অসম ভূটান সীমান্তৰ ৰজাগড়ত সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতাত বিজয়ী ভেৰগাঁও

অসম ভূটান সীমান্তৰ ৰজাগড়ত সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতাত বিজয়ী ভেৰগাঁও ।
_________

ৰঙিলী বাৰ্তাসেৱা _ ওদালগুৰি জিলাৰ ডিমাকুছিৰ ৰজাগড়ত ভোগালী বিহু উপলক্ষে অনুষ্ঠিত কৰা ভোগালী উৎসৱৰ ৰবিবাৰে সামৰণি পৰে । ৪ নং ৰজাগড় নৱজ্যোতি মিলন সংঘৰ সৌজন্যত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভোগালী বিহু সমাৰোহৰ সফল সামৰণি । ৰজাগড়ত ১৪ জানুৱাৰী ৰ পৰা আৰম্ভ হোৱা ভোগালী বিহু সমাৰোহত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰে । প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা জাতীয় শ্বহীদ সোঁৱৰণি ভলীবল প্ৰতিযোগিতাৰ আজি চুড়ান্ত খেল খনত মৰিগাঁও আৰু ভেৰগাঁও দলে অংশগ্ৰহণ কৰে । এইবাৰ ৰজাগড় বাসীয়ে সদৌ অসম ভিত্তিত জাতীয় শ্বহীদ সোঁৱৰণি ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰিছিল । জাতীয় শ্বহীদ সোঁৱৰণি ভলীবল প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ স্বৰ্গীয় নিধিৰাম কলিতা সোঁৱৰণি চলন্ত ট্ৰফীৰ লগতে নগদ ধন ১৫,০০১ টকা , দ্বিতীয় পুৰষ্কাৰ স্বৰ্গীয় শিশুৰাম কলিতা চলন্ত ট্ৰফীৰ লগতে নগদ ধন ১০,০০১ টকা প্ৰদান কৰে । আজিৰ সদৌ অসম ভিত্তিত অনুষ্ঠিত জাতীয় শ্বহীদ সোঁৱৰণি ভলীবল প্ৰতিযোগিতাত ২০ – ২৫ ত মৰিগাঁও দলক পৰাস্ত কৰি ওদালগুৰি জিলাৰ ভেৰগাঁও ভলীবল দলে প্ৰথম বিজয়ী হিচাপে খিতাপ অৰ্জন কৰে বুলি জানিবলৈ দিয়ে ভোগালী বিহু উদযাপন সমিতিৰ সম্পাদক পংকজ কলিতায় ।

ডিমাকুছিৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট ৷