অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে ভিডিঅ’ কনফাৰেন্স

pc Deccan Herald

অনলাইন বাৰ্ত্তাসেৱা – সৰ্বভাৰতীয় “পিঠাসীন অধিকাৰী”ৰ এক গুৰুত্বপূৰ্ণ আলোচনা সভাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে মঙলবাৰে ভিডিঅ’ কনফাৰেন্সয়োগে আলোচনাত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। কোভিড কালৰ অনলাইন সভাখনত ওম বিৰলাই ভূয়সী প্ৰসংশা কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক। দেশৰ সকলো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষই অংশ লয় এই সভাখনত। বিশ্বজিৎ দৈমাৰীয়ে সংসদীয় ব্যৱস্থাৰ পৰিচালনাত পিঠাসীন অধিকাৰীসকলে সন্মুখীন হোৱা সমস্যাৰ কথা উল্লেখ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে মঙলবাৰে ভিডিঅ’ কনফাৰেন্সয়োগে আলোচনাত। সৰু সৰু দল তথা নিৰ্দলীয় সদস্যসকলে সংসদীয় কাৰ্য্যব্যৱস্থাত যাতে সক্ৰিয় ভূমিকা ল’ব পাৰে তাৰ বাবেও সময় দিয়াৰ পোষকতা কৰে।