অসম পৌৰসভা কৰ্মচাৰী আইন ২০২১ গৃহীত   

Pc- AssamNew.com

অসম পৌৰসভা কৰ্মচাৰী আইন ২০২১ গৃহীত   

অনলাইন বাৰ্ত্তাসেৱা– অসম পৌৰসভা কৰ্মচাৰী আইন ২০২১ অসম বিধানসভাত গৃহীত হোৱৰ লগে লগে ৰাজ্যৰ পৌৰসভা সমিতিৰ নিয়মীয়া কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত হʼল। এই কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষাৰ বাবে চৰকাৰ বাধ্য থাকিব লাগিব। এই আইনখন বলৱৎ হোৱাৰ লগে লগে চৰকাৰে বৰ্তমান নিয়মীয়াকৈ কৰ্মৰত কৰ্মচাৰীসকলৰো স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিব লাগেব। এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হʼব। আইনখনে চৰকাৰ আৰু কৰ্মচাৰীসকলৰ মাজত এক চুক্তিৰ সুবিধা প্ৰদান কৰাৰ লগতে কৰ্মচাৰীসকলৰ দৰমহা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে হʼব। উল্লেখ্য যে ৰাজ্যৰ পৌৰসভাসমূহত ঠিকাভিত্তিক কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি কাম কৰি আছে আৰু এই আইনখনে তেওঁলোকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। অসম পৌৰসভা কৰ্মচাৰী আইন ২০২১ গৃহীত হোৱাটো এক উল্লেখযোগ্য পদক্ষেপ বুলি কʼব পাৰি।

 

(RT)