অসম-নাগালেণ্ডৰ সীমান্তৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চলকলৈ ঘূৰি আহিব শান্তি

pc DY365

অসম-নাগালেণ্ডৰ সীমান্তৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চলকলৈ ঘূৰি আহিব শান্তি

অনলাইন বাৰ্ত্তাসেৱা – ডিমাপুৰৰ ছুমুকেডিমা আৰক্ষী কমপ্লেক্সত অনুষ্ঠিত হোৱা এখন বৈঠকত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী য়ানথাংগু পেট্টন আৰু অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হয়। সীমান্তত যাতে পুনৰ ৰক্তাক্ত সংঘাত সৃষ্টি হ’ব নোৱাৰে আৰু সীমা সমস্যাৰ শান্তিপূৰ্ণ সমাধান হয় তাৰ বাবে নাগালেণ্ডৰ ডিমাপুৰত অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত স্বাক্ষৰিত হয় গুৰুত্বপূৰ্ণ বুজাবুজি এই চুক্তিখন। চুক্তিৰ প্ৰাথমিক তথ্য অনুসৰি, মৰিয়নীৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চল পৰা দুয়োখন ৰাজ্যই নিজৰ নিজৰ আৰক্ষী শিবিৰ শীঘ্ৰে আঁতৰাই নিয়া হ’ব। সীমা সমস্যাৰ শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ সন্মত হয় দুয়োপক্ষ।

(By Utpal Kalita)