অসম ডাউন-টাউন বিশ্ববিদ্যালয় কমন স্ক’লাৰশ্বিপ পৰীক্ষাৰ আয়োজন

Pc-the knowledgereview

১ কোটি পৰ্যন্ত লাভ কৰিব ছাত্ৰবৃত্তিঃ অসম ডাউন-টাউন বিশ্ববিদ্যালয় কমন স্ক’লাৰশ্বিপ পৰীক্ষাৰ আয়োজন …

বাৰ্ত্তাসেৱা-  গুৱাহাটীস্থ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলৰ বাবে এক মেগা স্ক’লাৰশ্বিপ পৰীক্ষাৰ আয়োজন কৰিছে। এই বৃত্তি বা স্ক’লাৰশ্বিপ লাভ কৰা শিক্ষাৰ্থীসকলে ১ কোটি টকা পৰ্যন্ত বৃত্তি লাভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। উল্লেখ্য যে কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা বা ইতিমধ্যে ফলাফল লাভ কৰা শিক্ষাৰ্থীসকলে ২৫ জুলাই ২০২১ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই বৃত্তি পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।

৬০ মিনিট চলিবলগীয়া অনলাইন পৰীক্ষাত কোনো ঋণাত্মক নম্বৰ নোহোৱাকৈ MCQ ফৰ্মেটত (মাল্টিপল চইচ প্ৰশ্ন) প্ৰশ্নাৱলী থাকিব। মন কৰিবলগীয়া যে সকলো শিক্ষাৰ্থীৰ বাবে ইংৰাজী আৰু সাধাৰণ জ্ঞান বিষয় দুটা বাধ্যতামূলক হ’ব। আনহাতে তেওঁলোকে তেওঁলোকৰ নিজ নিজ বিষয় বা শাখাৰ পৰা আন কাকতো বাছনি কৰিব পাৰিব। প্ৰাৰ্থীসকলে ২২ জুলাই ২০২১ তাৰিখে বা তাৰ আগতে https://bit.ly/366dkeU পঞ্জীয়ন কৰিব লাগিব। By utpal kalita