অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত সমাৰোহ

pc-G plus

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত সমাৰোহ

অনলাইন বাৰ্ত্তাসেৱা- ক’ভিড প্ৰট’কল মানি ভার্চুৱেল প্লেটফৰ্মৰ মাধ্যমেৰে ৰাজ্যৰ অন্যতম ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠান অসম ডাউন টাউন বিশ্ববিদ্যালয়ে অষ্টম বার্ষিক দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰে।দীক্ষান্ত সমাৰোহলৈ আমন্ত্ৰিত সন্মানীয় ব্যক্তিসকলৰ উপস্থিতিত উলিওৱা শৈক্ষিক শোভাযাত্ৰা আৰু বিশ্ববিদ্যালয়ৰ মুখ্য সংগীত বাদনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। দীক্ষান্ত সমাৰোহৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যপাল জগদীশ মুখীয়ে দীক্ষান্ত সমাৰোহ মুকলি কৰাৰ পিছত বিশ্ববিদ্যালয়ৰ আচাৰ্য ডাঃ এন এন দত্তই আদৰণী ভাষণ পাঠ কৰে। এই দীক্ষান্ত সমাৰোহৰ সৰ্বমুঠ ৯৪৪ গৰাকী শিক্ষার্থী আৰু গৱেষকক ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ৭২৪ গৰাকীক স্নাতক, ২১৩ গৰাকীক স্নাতকোত্তৰ, ৭ গৰাকীক পি এইচ ডি প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়খনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজকর্মী প্রফুল্ল কুমাৰ মহন্ত আৰু বিশিষ্ট সমাজকৰ্মী তথা উদ্যোগী পদ্ম হাজৰিকাক সন্মানীয় ডক্টৰ অৱ লেটার্ছ (ডি লিট) প্রদান কৰে। বিশ্ববিদ্যালয়ৰ ডীন অৱ ষ্টাডিজ অধ্যাপিকা বন্দনা দত্তই পি এইচ ডি ডিগ্রী লাভ কৰা গৱেষকসকলক ডিগ্রী প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বি এছ চি মাইক্ৰ’বায়’লজী বিভাগৰ ছাত্ৰী জ্যোতিস্মিতা শৰ্মা আৰু এম এছ চি মাইক্ৰ’বায়’লজী বিভাগৰ ছাত্ৰী জুটিমা বৰুৱাই দীক্ষান্ত সমাৰোহ ২০২১ৰ ক্ৰমে শ্রেষ্ঠ স্নাতক আৰু শ্ৰেষ্ঠ স্নাতকোত্তৰ স্বর্ণপদক লাভ কৰে। তদুপৰি বৰ্ষশ্রেষ্ঠ প্লেচমেণ্টৰ বাবে এম বি এ বিভাগৰ ছাত্ৰ দিৱপ্রিয়া পালে প্রশংসা পদক লাভ কৰে।

(RT)