অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰণাকুছি শাখাই বিশিষ্ট সাহিত্যিক-সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

বিশিষ্ট সাহিত্যিক-সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিৰ স্মৃতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰণাকুছি শাখা সমিতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে ।
বৰভাগৰ ৰণাকুছি প্ৰাথমিক বিদ্যালয়ত কোভিদ প্ৰট’কল মানি অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচীত প্ৰাৰম্ভতে হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি প্ৰদান কৰে অসমী হাইস্কুল, কঠোৰাৰ প্ৰধান শিক্ষক অমূল্য কলিতাই । তেখেতে ভাষণ প্ৰসংগত কয় যে হোমেন বৰগোহাঞিৰ মৃত্যু অসমবাসীৰ বাবে দূভাগ্যজনক।তেওঁ বয়সৰ ফালৰ বৃদ্ধ হলেও কৰ্মৰ ফালৰ পৰা বাৰ্ধক্যৰ কোনো প্ৰভাৱ নাছিল।
তেওঁৰ কৰ্মৰাজিৰ পৰা অনুপ্ৰাণিত হৈ ভৱিষ্যত প্রজন্মই অসমীয়া সমাজৰ উত্তৰোত্তৰ কাম কৰি যাবলৈ আহ্বান জনায়।
যুৱ ছাত্ৰ পৰিষদৰ ৰণাকুছি শাখা সমিতিৰ অনুপ কলিতাই আঁত ধৰা অনুষ্ঠানটোত নলবাৰী জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা, বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি চিন্ময় পৰাশৰ,উপ-সভাপতি ৰাতুল আহমেদ, সাংগঠনিক সম্পাদক প্ৰাণজিৎ কলিতাৰ লগতে ৰণাকুছি শাখা সমিতিৰ দিগন্ত কলিতা,বনজিৎ কলিতা, জিন্টু কলিতা, মৃদুল বৈশ্য উপস্থিত থাকি প্ৰয়াত সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই সোঁৱৰণ কৰে ।