অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিয়ে  শ্বহীদ পৰাগ কুমাৰ দাস ৰ মৃত্যু দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

বার্তাসেৱা-অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিয়ে  শ্বহীদ পৰাগ কুমাৰ দাস ৰ মৃত্যু দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে । যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ কমাৰকুছি কাৰ্যালয়ত কোভিদ প্ৰট’কল মানি অনুষ্ঠিত উক্ত কাৰ্যসূচীৰ আৰম্ভণিতে পৰাগ কুমাৰ দাস ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি আৰু পুষ্পাঞ্জলি প্ৰদান কৰি পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতাই ।কলিতাই ভাষণ প্ৰসংগত কয় যে পৰাগ কুমাৰ দাস ৰ মৃত্যু হোৱা আজি ২৫ বছৰ অতিক্রম কৰিলে, কিন্তু আজিলৈকে তেওঁৰ হত্যাকাৰী চিনাক্ত নহল,যিটো অতিকৈ দুৰ্ভাগ্যজনক । তেওক হত্যা কৰা হত্যাকাৰীয়ে কেতিয়ালৈ শাস্তি পাব আৰু আমি কিমান দিন অপেক্ষা কৰিব লাগিব তাকলৈ প্ৰশ্ন উত্থাপন কৰে। পৰাগ কুমাৰ দাস সাংবাদিকতাৰ ইতিহাসৰ এক আদৰ্শ ব্যক্তি বুলিও তেওঁ অভিহিত কৰে।বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি চিন্ময় পৰাশৰে আত ধৰা অনুষ্ঠানটোত আঞ্চলিক সমিতিৰ সা: সম্পাদক ময়ুৰ ৰহমান,উপ-সভাপতি ৰাতুল আহমেদ,ৰকী ৰাজ, যুটীয়া সম্পাদক চাজিদ আহমেদ উপস্থিত থাকি পৰাগ কুমাৰ দাস ক শ্ৰদ্ধাঞ্জলি জনাই সোঁৱাৰণ কৰে।