অসম চৰকাৰক গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ কৰিবলৈ  যাত্ৰীসকলৰ আহ্বান

pc Pratidin Time

অনলাইন বাৰ্ত্তাসেৱা – গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ হোৱাৰ ফলত চাকৰি তথা ব্যৱসায়ৰ বাবে চহৰলৈ ভ্ৰমণ কৰা শ শ লোক দৈনন্দিন যাতায়ৰ ফলত যথেষ্ট বাধাৰ সন্মুখীন হোৱা দেখা গৈছে। বহুতে বিষয়টো কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ ছ’চিয়েল মিডিয়াৰ সহায় লোৱা দেখা গৈছে। ৰক্ষণাবেক্ষণৰ কামৰ বাবে পুৰণি শৰাইঘাট দলং বন্ধ আৰু মালিগাঁৱত এখন উৰণীয়া সেঁতু নিৰ্মাণ, এই দুয়োটায়ে তীব্ৰ যান-জঁটৰ সৃষ্টিৰ কাৰণ হৈ পৰিছে আৰু ফলস্বৰূপে উত্তৰ গুৱাহাটীৰ যাত্ৰীসকলৰ সমস্যা বৃদ্ধি পাইছে।