অসম গ্ৰন্থমেলাৰ বৰ্ণময় যাত্ৰাই উদ্দীপনাৰ সৃষ্টি কৰিছে:আৰণ্যক শইকীয়া

অসম গ্ৰন্থমেলাৰ বৰ্ণময় যাত্ৰাই উদ্দীপনাৰ সৃষ্টি কৰিছে:আৰণ্যক শইকীয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  লেখক-পাঠক, গ্ৰন্থপ্ৰেমীৰ সমাবেশেৰে মুখৰিত হৈ পৰিছে অসম গ্ৰন্থমেলা,বঙাইগাঁও৷ যোৱা ১৩ মাৰ্চৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ গান্ধী ময়দানত অনুষ্ঠিত গ্ৰন্থমেলাত আজি পঞ্চম দিনা প্ৰয়োজনীয় আৰু পছন্দৰ কিতাপ ক্ৰয় কৰিবলৈ অহা পুথিপ্ৰেমীৰ স্ৰোত পৰিলক্ষিত হয় ৷ কিতাপ বিক্ৰীৰ হাৰ ইতিবাচক বুলি জনাইছে অংশগ্ৰহণকাৰী প্ৰকাশন গোষ্ঠীসমূহেও ৷ ইপিনে আজি বিয়লি গ্ৰন্থমেলাত অনুষ্ঠিত হয় যুৱ-লেখকৰ সমাৰোহ “উন্মীলন” ৷ এই আকৰ্ষণীয় অনুষ্ঠান সঞ্চালনা কৰে ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া, গোসাঁইগাওঁ মহকুমাৰ মহকুমাধিপতি, বিশিষ্ট লেখক আৰণ্যক শইকীয়াই ৷ ভাষণ প্ৰসংগত তেওঁ কয়—“অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ যোগেদি অসমীয়া ভাষা-সাহিত্য , গ্ৰন্থৰ জগত আৰু বিদ্বৎ-বৌদ্ধিক সমাজলৈ আশাভৰা নতুনত্বৰ বাৰ্তা কঢ়িয়াই আনিছে ৷ ধেমাজিৰ পৰা বঙাইগাঁৱলৈ অসম গ্ৰন্থমেলাৰ সুদীৰ্ঘ বৰ্ণময় যাত্ৰাই উদ্দীপনাৰ সৃষ্টি কৰিছে ৷ প্ৰতিখন গ্ৰন্থমেলাত যুৱ-লেখক সকলক এখন মঞ্চ প্ৰদানৰ বাবে “উন্মীলন” শীৰ্ষক যি অনুষ্ঠানৰ আয়োজন কৰা হৈছে এয়া দ্ব্যৰ্থহীনভাৱে অভূতপূৰ্ব ৷ কিয়নো যুৱ-লেখকসকলৰ ওপৰতে ভাষা-সাহিত্যৰ ভৱিষ্যত নিৰ্ভৰশীল ৷ এনে অনুষ্ঠানে তেওঁলোকক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব৷” যুৱ-লেখকসকলক উদ্দেশ্যি তেওঁ পুনৰ কয়– “যুৱ-লেখকসকলে স্ব-প্ৰতিভা আৰু দক্ষতাৰে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিত অৰিহণা আগ বঢ়াই আহিছে আৰু এয়া সদায়ে অক্ষুণ্ণ থাকিব ৷” উন্মীলনত অংশগ্ৰহণ কৰে ডেইজী চৌধুৰী, অভিজিৎ তালুকদাৰ, নিৰূপজ্যোতি বৰুৱা, হৰ্ষজিৎ কলিতা , লটাছ পি নাৰ্জাৰী, অনিলা বসুমতাৰী, অনামিকা ৰায়, মাণিক পাল ,প্ৰাঞ্জল কুমাৰ দাস, অনিমেষ পাঠক, বুদ্ধদেৱ নাৰ্জাৰীকে ধৰি কেবাগৰাকী লেখক-সাংবাদিক , কবি-নিৱন্ধকাৰে ৷ তেওঁলোকে কাম কৰি থকা নিজৰ ক্ষেত্ৰ আৰু অভিজ্ঞতাৰ বিষয়ে বিশ্লেষণ আগ বঢ়ায় ৷ উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত বঙাইগাঁও লেখিকা সমাৰোহৰ উদ্যোগত এখন কবি সন্মিলন অনুষ্ঠিত হয়৷ বিয়লিৰ ভাগত কবি অৰুণা চক্ৰৱৰ্তীৰ ‘অঞ্জলি’ নামৰ এখন কাব্য গ্ৰন্থ উন্মোচন কৰা হয়৷ সন্ধিয়া অনুষ্ঠিত হোৱা আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী পৰিচালনা কৰে প্ৰবোধ দাসে ৷