অসম কন্যা ২৩ বছৰীয়া বক্সাৰ লভলিনাই টকিঅ’ অলিম্পিকত ভাৰতৰ দ্বিতীয় পদক সুনিশ্চিত কৰিবলৈ সক্ষম হয়

pc India.com

অনলাইন বাৰ্ত্তাসেৱা – ২৩ বছৰীয়া ভাৰতীয় খেলুৱৈ তথা অসম কন্যা বক্সাৰ লভলিনা বৰগোহাঞিয়ে মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱাৰ লগতে টকিঅ’ অলিম্পিকত নিজৰ বাবে পদক সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে। আজি কোৱাৰ্টাৰ ফাইনেলত লভলিনাই ২৪ বছৰীয়া চীনা খেলুৱৈ টাইপেইৰ নিন-চিন চেনক পৰাস্ত কৰে। ইয়াৰ সৈতে, তেওঁ অলিম্পিকত ভাৰতৰ দ্বিতীয়টো পদক সুৰক্ষিত কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰোত্তোলক মীৰাবাই চানুৱে ৪৯ কিলোগ্ৰাম ইভেণ্টত ৰূপৰ পদক জয় কৰি ভাৰতৰ বাবে প্ৰথমটো পদক অৰ্জন কৰিছিল।

(UD.)