অসম এতিয়াও কোভিড-১৯ সংক্ৰমণৰ পৰা সুৰক্ষিত নহয়

pc India Today

অনলাইন বাৰ্ত্তাসেৱা – এতিয়াও দৈনিক ২,০০০ৰো অধিক ঘটনা সংঘটিত হৈ আছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যোৱা কেইদিনমানত নতুন ঘটনাৰ সংখ্যা স্থিৰ হোৱা দেখা গৈছে। যদি এপ্ৰিলৰ পৰা কোভিডৰ এই সময়ৰ পৰিস্থিতিৰ ওপৰত লক্ষ কৰা হয় তেন্তে কোভিডৰ ক্ষেত্ৰত প্ৰৱণতা হ্ৰাস পোৱা দেখা যায়। কিন্তু এয়া উল্লেখযোগ্য যে অসমৰ দৰে এখন তুলনামূলকভাৱে সৰু ৰাজ্যই সৰ্বভাৰতীয় স্তৰত প্ৰায় ৫০,০০০ সংখ্যাৰ লগত দৈনিক ২,০০০ ৰ পৰা ৩’০০০ সংক্ৰমণ যোগ কৰি  ইয়াৰ সংখ‍্যা বৃদ্ধিত সহায় কৰি আছে। ইয়াৰ পৰা এই সিদ্ধান্তত উপনীত হ’ব পাৰি যে অসম কোনোপধ্যেই সুৰক্ষিত নহয়, এজন জ্যেষ্ঠ স্বাস্থ্য বিষয়াই কয়।