অসম আৰক্ষীৰ জোৱানে যোগদান কৰিছে নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসমতঃড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা-  অসম আৰক্ষীৰ জোৱানে যোগদান কৰিছে নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসমত! ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সদৰী কৰিছে। যোৰহাট ভ্ৰমণৰ সময়চোৱাত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰিছে।

টীয়কৰ মেলেং অঞ্চলৰ ৰিতু বৰা নামৰ আৰক্ষী জোৱানজন দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ আছে। অসম আৰক্ষীৰ এই জোৱানগৰাকী কাৰ্বি লংপি জলবিদ্যুৎ প্ৰকল্পত নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত হৈ আছিল। আৰক্ষী জোৱানজন দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ থকা প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম পুলিচৰ এজন জোৱান আলফালৈ যোৱাৰ তথ্য পোৱা গৈছে। নাম প্ৰকাশ কৰিবলৈ অনিশ্চুক মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আলফালৈ যোৱা আৰক্ষী জোৱান জন ৰিতু বৰা হয়নে নহয় সেই কথা এতিয়াই কব পৰা নাযাব।