অসম আৰক্ষীক সদায় মই ছেল্যুট জনাই যামঃ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

অসম আৰক্ষীক সদায় মই ছেল্যুট জনাই যামঃ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ৰঙিলী বাৰ্ত্তাসেৱা- অৱসৰ ল’লে ডিজিপি ভাস্কৰজ্যোতি মহন্তই।ভাস্কৰজ্যোতি মহন্তৰ পিছত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব আই পি এছ বিষয়া জি পি সিঙে।এই উপলক্ষত চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়ানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত আয়োজন কৰা হয় এক বিদায়ী পেৰেডৰ।অনুষ্ঠানত পেৰেডত অংশ লোৱা প্ৰতিগৰাকী আৰক্ষীলৈ অভিনন্দন জ্ঞাপন কৰে ভাস্কৰজ্যোতি মহন্তই।সাংবাদিক তথা অসমৰ ৰাইজক ভাস্কৰজ্যোতি মহন্তই কৃতজ্ঞতা জ্ঞাপন কৰি বিদায়ী পেৰেড অনুষ্ঠানত নিজৰ ভাষণত মহন্তই কয়,’অসম আৰক্ষীত কাম কৰাটো চাকৰি হিচাপে ভবাই নহ’ল।চাকৰিত জইন কৰা আৰু অৱসৰ লোৱা এইটোৱে নিয়ম।চাকৰি নাথাকিলেও মই অসম আৰক্ষীৰ এক অংশ হিচাবেই থাকিবলৈ ভাল পাম।অসম আৰক্ষীয়ে কেৱল চাকৰি নকৰে,এয়া সেৱা।চাকৰি শেষ হোৱাৰ পিছতো অসম আৰক্ষীৰ অংশ হৈ থাকিম।অসম আৰক্ষীক সদায় মই ছেল্যুট জনাই যাম।সমগ্ৰ ভাৰতত তেলেংগানাৰ দৰে আমাৰ আৰক্ষীও নম্বৰ ১ আৰক্ষী হ’ব৷কোনেও ৰোধিব নোৱাৰে৷কাৰিকৰী দিশত আমাৰ আৰক্ষীক আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছো।