অসমৰ সামগ্ৰী বিশ্বৰ বজাৰলৈ ৰপ্তানি

pc-Times8 News

অসমৰ সামগ্ৰী বিশ্বৰ বজাৰলৈ ৰপ্তানি

অনলাইন বাৰ্ত্তাসেৱা– নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কিছু অভিলাষী আঁচনি গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহচহৰ ডিব্ৰুগড়ত উপস্থিত হৈ কয়ঃ কেন্দ্ৰই গ্ৰহণ কৰা আঁচনি অনুসৰি ব্ৰহ্মপুত্ৰৰ পৰা বংগোপ সাগৰেদি আৰম্ভ হʼব আন্তৰ্জাতিক বাণিজ্যৰ পথ আৰু এই পথদি ৰাজ্যৰ উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাৰ বাট প্ৰশস্ত হʼব। ব্ৰহ্মপুত্ৰৰ জলপথ বংগোপ সাগৰৰ সৈতে জলপথটো যোগাযোগ ব্যৱস্থা সুচল কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ ৰপ্তানি ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰচেষ্টা লোৱা হʼব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত চিতাগঞ্জ বন্দৰ ইতিমধ্যে মুকলি কৰা উল্লেখ কৰি ব্ৰহ্মপুত্ৰ নদীয়ে দি গৈ বংগোপ সাগৰৰ সৈতে চামিল হৈ ভাৰত মহাসাগৰৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত অসমৰ উৎপাদিত সামগ্ৰ বিক্ৰী কৰাৰ সুযোগ লাভ কৰিব বুলিও অভিমত প্ৰকাশ কৰে।

(RT)