অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তেলেংগানাৰ ৱাৰংগনত এক বিশাল জনসমাৱেশত অংশগ্ৰহণ

P.c.- India today

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তেলেংগানাৰ ৱাৰংগনত এক বিশাল জনসমাৱেশত অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তেলেংগানাৰ ৱাৰংগনত এক বিশাল জনসমাৱেশত অংশগ্ৰহণ কৰি মন্তব্য কৰে যে ২০২৩ চনত তেলেংগানাত কে টি আৰ চৰকাৰৰ পতন হ’ব আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিব। সমাৱেশখনত উদাত্ত ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কে চি আৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে তেলেংগানাৰ ৰাজ্যিক জি ডি পি ৯ লাখ কোটি টকা। অসমৰ জি ডি পি ৩.৫ লাখ কোটি টকা। অর্থনৈতিকভাৱে অসমতকৈ তেলেংগানা অধিক শক্তিশালী। কিন্তু অসমে তেলেংগানাতকৈ বহুত কাম কৰিছে। যোৱা নিৰ্বাচনৰ সময়ত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিলে এক লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্রুতি দিছিল। কে চি আৰে যোৱা নিৰ্বাচনৰ সময়ত ৰাজ্যখনত ২ লাখ নিবনুৱাক চাকৰি দিব বুলি কৈছিল। কিন্তু চৰকাৰ গঠনৰ পাছত কে চি আৰে সেই প্রতিশ্ৰুতি পাহৰিলে। কিন্তু অসমে অহা ১০ মে’ৰ ভিতৰত এক লাখ নিবনুৱাক চাকৰি দিব। তেলেংগানাত চৰকাৰী চাকৰিৰ পদ খালী আছে। কিন্তু চৰকাৰে সেই খালী পদ পূৰণ নকৰে। কে চি আৰ চৰকাৰ ৯-১০ লাখ কোটি টকাৰ ওপৰত বহি আছে। তথাপি নিবনুৱাৰ বিষয়ে চিন্তা নকৰে। তেওঁ কেৱল নিজৰ সন্তানৰ বাবেহে চিন্তা কৰে। কে চি আৰ দেশৰ বাবে, ৰাইজৰ বাবে সমর্পিত নহয়। তেওঁ কেৱল নিজৰ সন্তানৰ বাবেহে সমর্পিত। তেলেংগানাত তিনি লাখ চৰকাৰী কৰ্মচাৰী আছে। চৰকাৰী কৰ্মচাৰীসকল চৰকাৰৰ ওপৰত নাৰাজ। বৰ্তমানৰ তেলেংগানা চৰকাৰে নিবনুৱা, চৰকাৰী কৰ্মচাৰী কাকো ন্যায় দিব পৰা নাই।ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ বাবে, জনতাৰ বাবে সমর্পিত বুলি উল্লেখ কৰি অহাবাৰ তেলেংগানাত বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু বিজেপিৰ মুখ্যমন্ত্ৰী হ’ব বুলি স্পষ্ট কৰি দি আটাইকে একত্ৰিত হৈ থকাৰ আহ্বন জনায়। বিজেপি চৰকাৰ গঠনৰ পাছতেই তেলেংগানাৰ নিবনুৱা, চৰকাৰী কৰ্মচাৰী সকলোকে ন্যায় দিয়াৰ লগতে ৰাজ্যখনক দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্যলৈ পর্যবসিত কৰিব বুলি উল্লেখ কৰে।