অসমৰ মুখ্যমন্ত্ৰী আৰু নবৰ্নিবাচিত বিধায়ক সকললৈ ‘জা’ৰ শুভেচ্ছা – ‘সাংবাদিক সুৰক্ষা আইন’ প্ৰনয়ণৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ প্ৰতি অনুৰোধ

অসমৰ মুখ্যমন্ত্ৰী আৰু নবৰ্নিবাচিত বিধায়ক সকললৈ ‘জা’ৰ শুভেচ্ছা –
‘সাংবাদিক সুৰক্ষা আইন’ প্ৰনয়ণৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ প্ৰতি অনুৰোধ

বাৰ্ত্তাসেৱা- জ জাৰ্ণেলিষ্ট এছ’চিয়েছন অব আছাম [জা] আৰু নেশ্বনেল ইউনিয়ন অব জানেলিষ্ট ইণ্ডিয়া [এন ইউ জে আই]য়ে জনপ্ৰিয় নেতা ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ লগতে অসম বিধানসভালৈ নিবাচিত জনপ্ৰতিনিধি সকল আৰু হিমন্ত বিশ্ব শৰ্ম্মাৰ নেতৃত্বত গঠিত বিজেপি, অগপ, ইউ পি পিএল মিত্ৰজোঁটৰ চৰকাৰলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাতাত জাৰ্ণেলিষ্ট এছ’চিয়েছন অব আছাম, [জা] ১ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱতী আৰু ‘জা’ৰ মুখ্য উপদেষ্টা তথা এন ইউ জে আইৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ভূপেন গোস্বামী, ‘জা’ৰকেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ময়ূখ গোস্বামী,সাধাৰণ সম্পাদক ডালিম ফুকন, সম্পাদক সুদীপ শৰ্ম্মা চৌধুৰীয়ে কয় যে অসমৰ জনতাই যি আশা কৰি হিমন্ত বিশ্ব শৰ্ম্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে যি গধুৰ দায়িত্ব অৰ্পণ কৰিছে সেইয়া অতি নিষ্ঠা আৰু সততাৰে পালন কৰিব। অসমৰ আইন শৃংখলা , সামগ্ৰিক উ ন্নয়ন আৰু শান্তি-সম্প্ৰীতি তথা সকলো ভাষা,ধৰ্ম- বৰ্ণ সম্প্ৰদায় আৰু জাতি -জনগোষ্ঠীৰ মাজত ঐক্য- সংহতি , ভ্ৰাতৃত্ববোধ বজাই মানুহক সদায় মানুহৰ দৰে ব্যৱহাৰ কৰিৰ্নিবাচিত বিধায়ক সকলে ৰাইজৰ বিকশিত অসমৰ সপোনক বাস্তবায়িত কৰিব বুলিও সংগঠনটোৱে আশা প্ৰকাশ কৰে। আনহাতে গণত ন্ত্ৰৰ চতুথস্তম্ভ তথা সমাজৰ অতন্ত্ৰ প্ৰহৰী সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুন্ন ৰাখি মৌলিক সমস্যা সমূহ সমাধানত গুৰুত্ব দিবলৈ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ নেতৃত্বত গঠিত বিজেপি, অগপ, ইউ পি পিএল মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতি আহবান জনাইছে । তদুপৰি সংবাদ মাধ্যম আৰু কত্তব্যৰত সাংবাদিকৰ ওপৰত বাঢ়ি অহা ভাবুকি আৰু ৰ্নিযাতন প্ৰতিৰোধ কৰাৰ বাবে তথা কত্তব্যৰত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চত কৰাৰ স্বাৰ্থত ৰাজ্যত এখন বলিষ্ঠ ‘সাংবাদিক সুৰক্ষা আইন’ প্ৰনয়ণ কৰি সন্মান সহকাৰে সাংবাদিক সকলক জীয়াই থকাত সহায় কৰিবলৈ গঠিত হব লগা মিত্ৰজোঁটৰ চৰকাৰ তথা নবৰ্নিবাচিত বিধায়ক সকলৰ প্ৰতি অনুৰোধ জনোৱা হৈছে।উল্লেখযোগ্য যে জাৰ্ণেলিষ্ট এছ’চিয়েছন অব আছাম [জা] আৰু নেশ্বনেল ইউনিয়ন অব জানেলিষ্ট ইণ্ডিয়া [এন ইউ জে আই] ১ লগতে অসমৰ সাংবাদিক সকলে দেশৰ অন্য কেইবাখনো ৰাজ্যৰ দৰে অসমতো এনে এখন সুৰক্ষা আইন প্ৰনয়ণৰ দাবীত দ¹ঘদিন ধৰি আন্দোলন পৰ্যন্ত সংগঠিত কৰি আহিছিল যদিও কাৰ্যক্ষেত্ৰত কোনো চৰকাৰে ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আগন্তুক চৰকাৰ খনে আৰম্ভনিেই এইক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি অসমৰ সাংবাদিক সকলে আশা প্ৰকাশ কৰিছে।