অসমৰ ভূমিত প্ৰৱেশ কৰি নগা আৰক্ষীয়ে ভাঙিলে দোকান

অসমৰ ভূমিত প্ৰৱেশ কৰি নগা আৰক্ষীয়ে ভাঙিলে দোকান

ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়ৰ পিছত এইবাৰ নাগালেণ্ডত চেপা উত্তেজনা।অসম মেঘালয়ৰ উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ নগাই অসমত প্ৰৱেশ কৰি ভাঙিলে ব্যৱসায়ীক প্ৰতিষ্ঠান।নগা আৰক্ষীয়ে শিৱসাগৰৰ নাজিৰাৰ ঔগুৰিজানত পুৱাই চলালে উচ্ছেদ অভিযান। অসমৰ ভূমিত প্ৰৱেশ কৰি অসমৰ ১২খনকৈ দোকান ভাঙিলে নগা আৰক্ষীয়ে।নগা আৰক্ষীয়ে এক্সকেভেটৰেৰে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি দিয়া কাৰ্যক সহজভাৱে ল’ব পৰা নাই অসমৰ লোকসকলে। এই ঘটনাৰ পাছতে নগা আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় অসমীয়া লোকসকলে।দীৰ্ঘদিনৰ পৰা নাগালেণ্ডে নাজিৰাৰ বিহুবৰৰ ঔগুৰিজান তেওঁলোকৰ বুলি দাবী কৰি আহিছে।