অসমৰ ভূমিত অসমীয়াক প্ৰৱেশত বাধা নগালেণ্ড দুৰ্বৃত্তৰ

অসমৰ ভূমিত অসমীয়াক প্ৰৱেশত বাধা নগালেণ্ড দুৰ্বৃত্তৰ

অমৰজিৎ ৰাভা, ওদালগুৰি,ৰঙিলী বাৰ্ত্তাসেৱা-  খৰি আনিবলৈ যোৱা লোকক গুলিয়াই মৰাৰ ভাবুকি নগাৰ ২০২১ চনৰ ২৭ মে তাৰিখে ৰাজ্য জোকাৰি যোৱা এক ঘটনা সংঘটিত হৈছিল মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলত, সেইসময়ৰ কংগ্ৰেছ তথা বৰ্তমানৰ মৰিয়নি সমষ্টিৰ BJP বিধায়ক ৰূপজ্যোতি কুৰ্মী,স্থানীয় গাঁওবাসী তথা মৰিয়নিৰ একাংশ সাংবাদিকৰ দলে দিচৈ ভেলী বনাঞ্চলৰ অসমৰ ভুমিত নগা বেদখলকাৰীৰ আগ্ৰাসন পৰিদৰ্শন কৰিবলৈ যোৱা সময়তে দলটোক লক্ষ্য কৰি গুলী বৰ্ষণ কৰিছিল নগা দুৰ্বিত্তই৷ নগাৰ গুলীত কথমপি প্ৰাণ ৰক্ষা পৰিছিল দলটোৰ, ইয়াৰ পিছতে যথেষ্ট তৎপৰ হোৱা দেখা গৈছিল যোৰহাট জিলা প্ৰশাসন তথা চৰকাৰক,উক্ত স্থানত স্থাপন কৰিছিল অসম আৰক্ষীৰ এটা অস্থায়ী শিবিৰ পিছে কিছুদিনৰ পাছত নগালেণ্ডৰ ডিমাপুৰত হোৱা এখন তথাকথিত শান্তি চুক্তিৰ পাছত দুয়োখন ৰাজ্যই নিজ নিজ আৰক্ষী শিৱিৰ প্ৰত্যাহাৰ কৰা সিদ্ধান্ত লৈছিল উক্ত স্থানৰ পৰা,পিছে প্ৰতিশ্ৰুতি দি যেন বৰ্তমান বিশ্বাসঘাতকতা কৰিছে নগালেণ্ডে ৷ বৰ্তমান দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ যি স্থানত অসম আৰক্ষীৰ কেম্প নিৰ্মাণ কৰিছিল সেই স্থানত নগালেণ্ডে পুনৰ নিজ দখলত ৰাখি উক্ত অঞ্চলত অসমৰ লোকৰ প্ৰবেশ নিষিদ্ধ কৰি ৰখাৰ উপৰিও উক্ত স্থানত প্ৰৱেশ কৰিলে সীমান্তবাসী অসমীয়া লোকক গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে নগা দুৰ্বিত্তই।।