অসমৰ বন মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান

pc nktv24x7

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ আবকাৰী, বন আৰু পৰিৱেশ আৰু মীন পালন মন্ত্ৰী পৰিমল শুক্লাবদ্যই ১০ জুন, বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ কচুগাঁৱত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক প্ৰকৃতি সংৰক্ষণৰ বাবে অনুৰোধ জনায়। তেওঁ কয়, “আমি প্ৰকৃতি সংৰক্ষণ কৰিব লাগিব, উদ্ভিদ আৰু জীৱজন্তুক সুৰক্ষা দিব লাগিব কিয়নো আমাৰ অস্তিত্ব ইয়াৰ ওপৰত নিৰ্ভৰশীল। অন্যথা, আমাৰ জীয়াই থকাটো কঠিন হৈ পৰিব।”
বন মন্ত্ৰীয়গৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানসমূহে সমগ্ৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বি.টি.আৰ.)লৈ আনিব পৰা সামগ্ৰিক উন্নয়নৰ প্ৰশংসা কৰে।
শুক্লবদ্যই কয় যে ৪২২ বৰ্গকিলোমিটাৰ ৰাষ্ট্ৰীয় উদ্যানখন প্ৰকৃতিৰ অৱদানস্বৰূপ আৰু এই উদ্যানখনক দেশৰ অন্যতম শ্ৰেষ্ঠ উদ্যান হিচাপে গঢ়ি তুলিবলৈ সকলো প্ৰচেষ্টা কৰিব লাগিব। ইয়াৰ উপৰিও, ইয়াৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰাও জীৱ-জন্তুৰ স্থানান্তৰৰ দৰে পদক্ষেপ হাতত লোৱা হ’ব।
উদ্বোধনী অনুষ্ঠানত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) মুৰব্বী প্ৰমোদ বড়োও উপস্থিত আছিল। তেওঁ কয় যে এইটো সমগ্ৰ বিটিআৰৰ বাবে এক গুৰুত্বপূৰ্ণ দিন আৰু প্ৰশাসনে উদ্যানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ভাৰতীয় পাৱাৰ গ্ৰিড কৰ্পোৰেচনৰ পৰা লাভ কৰা ৭.৯ কোটি টকা চি.এছ.আৰ. (কৰ্পোৰেট সামাজিক দায়বদ্ধতা) হিচাপে মুকলি কৰিব।