অসমৰ প্ৰতিখন জিলাত বৃদ্ধাবাস

Pc-Justdial

অসমৰ প্ৰতিখন জিলাত বৃদ্ধাবাস

অনলাইন বাৰ্ত্তাসেৱা– সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বাগছা জিলাৰ অন্তৰ্গত বৰমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এলিমকো, কাণপুৰৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ মাজত বিভিন্ন সা-সঁজুলি বিতৰণৰ সামাজিক অধিকাৰিতা শিবিৰ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্রতিমা ভৌমিকে।প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে তেওঁৰ ভাষণত বিশদ বিৱৰণ দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে কয়ঃ কেন্দ্ৰীয় চৰকাৰে সমাজৰ অৱহেলিত আৰু অসুৰক্ষিত লোকৰ সুৰক্ষা, সমান্তৰালকৈ শিশু, মহিলা আৰু দিব্যাংগজনৰ সুবিধাৰ্থে বিভিন্ন জনকল্যাণকামী পদক্ষেপ, আঁচনি আদি ৰূপায়ণৰ জৰিয়তে তেওঁলোকৰ সৰ্বাংগীণ উৎকর্ষ সাধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। দেশৰ ১২৫ কোটি জনসাধাৰণৰ ভিতৰত ২ কোটি ৬৮ লাখ দিব্যাংগ লোক আমাৰ দেশত আছে। সকলো সমাজৰ একো একোটা অংগ, দেশৰ শক্তি। দেশত থকা বিশাল পৰিমাণৰ এই সকল লোকক প্রধানমন্ত্রী মোডীয়ে ‘দিব্যাংগ’ নামকৰণ কৰিছিল আৰু তেওঁৰ নিৰ্দেশতে প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে অসমৰ দিব্যাংগ ব্যক্তিক বছৰি ১২ হেজাৰ টকা আর্থিক সাহায্য প্রদান কৰি কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰিছে।

 

(RT)