অসমৰ তালিবানী সমৰ্থক সকল কংগ্ৰেছৰেই সৃষ্টি ~ জয়ন্ত মল্ল বৰুৱা

অসমৰ তালিবানী সমৰ্থক সকল কংগ্ৰেছৰেই সৃষ্টি ~ জয়ন্ত মল্ল বৰুৱা।

চাহিল মালিক, নলবাৰী —  নলবাৰী মহাবিদ্যালয় খেলপথাৰত পূৱ নলবাৰী মন্ডল আৰু নলবাৰী টাউন মন্ডল বিজেপি ৰ সহযোগত আৰক্ষী বিভাগৰ পদৰ বাবে আবেদনকাৰী সকলৰ বিনামূলীয়া শাৰিৰীক প্ৰশিক্ষণ শিবিৰ শুভ উদ্বোধনী কৰি এই বিষ্পোৰক মন্তব্য আগবঢ়ায় । তেওঁ মন্তব্য আগবঢ়ায় যে বৰ্তমান সময়ত অসমত যি পৰিস্থিতিয়ে বিৰাজ কৰি আছে তাৰ বাবে একমাত্র জগৰীয়া কংগ্ৰেছ। লগতে আৰু উল্লেখ কৰে যে কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ সকলো এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। তাৰোপৰি এই প্ৰশিক্ষণ শিবিৰ উদ্ভোধনী অনুষ্ঠানটোত নলবাৰী টাউন মন্ডল বিজেপিৰ সভাপতি ড০ মৃগাংক তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত বিধায়ক গৰাকীয়ে উদীয়মান যুৱক-যুৱতী সকলক উদ্দেশ্য কিছু অনুপ্ৰেৰণা মূলক বক্তব্য আগবঢ়ায়।