অসমৰ জ্বলন্ত সমস্যাৰ সমাধান কেতিয়া হব ? – দেবর্ষি গৌতম

PC- Times of India

অসমৰ জ্বলন্ত সমস্যাৰ সমাধান কেতিয়া হব ?

দেবর্ষি গৌতম, বনগাঁও

অসমৰ জ্বলন্ত সমস্যা বুলি কলে সাধাৰণতে আমাৰ মনলৈ অহা সমস্যা সমূহ হল বানপানী সমস্যা, গৰাখহনীয়া সমস্যা, বিদেশী সমস্যা, সীমা সমস্যা, নিবনুৱা সমস্যা ইত্যাদি। অসমত বহুতো চৰকাৰ আহিছে বহুতো চৰকাৰ সলনি হৈছে কিন্তু অসমত জ্বলন্ত সমস্যাসমূহৰ কোনো স্থায়ী সমাধান হোৱা নাই। শাসকীয় দল তথা মন্ত্ৰী বিধায়ক সকলে সততে ৰাজ্যত উন্নয়ন হোৱা বুলি জয়গান গোৱা পৰিলক্ষিত হয়। প্ৰকৃত অৰ্থত ৰাজ্যত হোৱা উন্নয়নৰ ছবিখন জল জল পট পট হৈ তেতিয়া সকলোৰে সন্মুখত প্ৰতিফলিত হয় যেতিয়া বাৰিষা সময়ত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰে, যেতিয়া গৰাখহনীয়াত মানুহে ঘৰ-বাৰী হেৰুৱাই বাসস্থান হেৰুৱাই, যেতিয়া সীমাত উদ্ভৱ হোৱা অশান্ত পৰিস্থিতিৰ ফলত সাধাৰণ জনতাই আতংকিত হৈ উজাগৰী নিশা অতিবাহিত কৰিব লগীয়া হয়, যেতিয়া নিজৰ ভাষা-সংস্কৃতি তথা অস্তিত্ব ৰক্ষা কৰিবলৈ নিজৰ ভেটিতে আন্দোলন কৰিব লগীয়া হয়, যেতিয়া কৰ্ম সংস্থাপন বিচাৰি যুৱ প্ৰজন্মই হাহাকাৰ কৰি বিপথে গতি কৰে। প্ৰতিখন চৰকাৰ অথবা শাসকীয় দলে ৰূপায়ন কৰা দুই এখন আঁচনিক বাদ দিলে প্ৰায় সমূহ আঁচনি দীৰ্ঘম্যাদী পৰিকল্পনাৰ পৰিবৰ্তে কেৱল নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত ৰখাৰ স্বাৰ্থতহে ৰূপায়ন কৰে। পৰিকল্পনাবিহীন আৰু দীৰ্ঘম্যাদী আঁচনি অবিহনে আৰু অসমৰ জ্বলন্ত সমস্যা সমূহ সমাধানৰ স্থায়ী পদক্ষেপ গ্ৰহণ নকৰাকৈ অসমৰ উন্নয়ন হোৱা বুলি দাবী কৰাটো একেবাৰে অমূলক। অসমৰ জ্বলন্ত সমস্যা সমূহ সমাধান কৰিবলৈ পৰিকল্পনা যুগুত কৰি কিছুমান দীর্ঘম্যাদী আঁচনি যুগুত কৰি পৰ্য্যায়ক্ৰমে সমাধান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিলেহে হয়তো কব পৰা হব যে এটা পৰ্য্যায়ত অসমৰ প্ৰকৃত অৰ্থত উন্নয়ন হৈছে। কেৱল কথাৰ ফুলজাৰীত অসমৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয়।