অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী মনিষীসকল- স্বাগতা বৰুৱা গোস্বামী

Pc Wikipedia

অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী মনিষীসকল

চলিত বৰ্ষটোত আমাৰ অসমখনৰ বাবে বহুতো সুখৰ বতৰা আহিছে নহয়নে?পদ্মশ্ৰীৰ পৰা শেহতীয়াকৈ জ্ঞানপীঠ বটাঁলৈকে সকলোতে আমাৰ অসমখনৰ নাম মহীৰূহসকলে উজলাই তোলিলে নহয়নে বাৰু?তোমালোকে বাৰু জানানে জ্ঞানপীঠ বঁটাৰ বিষয়ে?জ্ঞানপীঠ বঁটা হ’ল ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান।এই সন্মান আমাৰ অসমৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, মামণি ৰয়ছম গোস্বামী আৰু শেহতীয়াকৈ নীলমণি ফুকনে লাভ কৰিলে।আজি তোমালোকক মই এই তিনিওজন মহীৰূহৰ বিষয়ে থুলমুল আভাষ এটা দিম দেই।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য অসমৰ প্ৰথমজন জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া।এই মহান ব্যক্তি জনৰ জন্ম হৈছিল ১৯২৪ চনৰ ১৪ অক্টোবৰত চফ্ৰাই চাহবাগিচাত।তেওঁ আছিল একাধাৰে গল্পকাৰ,ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক।১৯৭৭ চনতে ‘অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস শীৰ্ষক’ গবেষণা পত্ৰৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰা ভট্টাচাৰ্যদেৱে ১৯৬১ চনত ঈয়াৰুঙ্গম গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল।১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।এই মহান সাহিত্যিক জনাই ১৯৭৯ চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।এই মহীৰূহ জনাৰ মৃত্যু হয় ১৯৯৭ চনৰ ৬ আগষ্টত।

এতিয়া আহো অসমৰ একমাত্ৰ আৰু ভাৰতৰদ্বিতীয় গৰাকী মহিলা জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামী বাইদেউৰ বিষয়লৈ।মামণি ৰয়ছম গোস্বামীৰ জন্ম হয় ১৯৪২ চনৰ ১৪ নবেম্বৰত ।তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী।তেওঁ একাধাৰে লেখক,সম্পাদক,কবি,অধ্যাপিকা আৰু সমাজকৰ্মী আছিল।ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ ওপৰত গবেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।তেখেতে ১৯৮২ চনত মামৰে ধৰা তৰোৱালৰ বাবে সাহিত্য অকাডেমি বঁটা,১৯৮৮ চনত অসম সাহিত্য সভা বঁটা,১৯৮৯ চনত ভাৰত নিৰ্মাণ বঁটা,১৯৯২চনত উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ সৌহাদ্য বঁটা,১৯৯৩চনত কথা ৰাষ্ট্ৰীয় সাহিত্য বটাঁ,১৯৯৬ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা,২০০০ চনত জ্ঞানপীঠ বঁটা,২০০২চনত পশ্চিম বংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট সন্মান,২০০২ চনত মহীয়সী জয়মতী বঁটা আৰু পদ্মশ্ৰী বঁটা লাভ কৰিছিল কিন্তু পদ্মশ্ৰী ল’বলৈ অস্বীকাৰ কৰে।আকৌ ২০০৭ আৰু ২০০৮ চনত ডি.লিট সন্মান,২০০৮চনত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বঁটা,প্ৰিণ্স ক্ল’ছ বঁটা,২০০৯ চনত অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা,দিল্লী বিশ্ববিদ্যালয়ৰ professor Emeritus সন্মান,শান্তি দূত বটাঁ,আন্তৰ্জাতিক তুলসী বঁটা আৰু শেষত মৰণোত্তৰ ভাবে অসম ৰত্ন বটাঁ।এইগৰাকী মহাননাৰী য়ে শেষ নিশ্বাস ত্যাগ কৰে ২০১১ চনত।

এতিয়া আহো সৌদিনি জ্ঞানপীঠ বঁটা লাভ কৰা ওলমি থকা গোলাপী জামুৰ লগ্নৰ কবি নীলমণি ফুকনৰ কথালৈ।সকলোতকৈ আশ্চৰ্য জনক কথা যে মামণি ৰয়ছম গোস্বামীয়ে কুৰি বছৰৰ আগতেই কৈছিল অসমে পৰৱৰ্তী জ্ঞানপীঠ বঁটাটো কবিতাৰ বাবেই পাব আৰু সচাঁকৈয়ে এইবাৰ তোমালোকৰ ককা কবি নীলমণি ফুকনদেৱে লাভ কৰিলে।তেখেতৰ জন্ম হয় ১৯৩৩ চনৰ ১০ছেপ্তেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁওত।তেখেত একাধাৰে কবি,কলা সমালোচক,অধ্যাপক আৰু সাহিত্যিক।এইজনা কবিয়েও যথেষ্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।অসম সাহিত্য সভাই প্ৰদান কৰা ‘ৰঘুনাথ চৌধাৰী বঁটাৰ পৰা আৰম্ভ কৰি ১৯৮০ চনত কবিতা নামৰ কাব্য সঙ্কলনৰ বাবে সাহিত্য অকাডেমি বঁটা,১৯৯০ চনত পদ্মশ্ৰী বঁটা,২০০২চনত সাহিত্য অকাডেমীৰ সৰ্বোচ্চ সন্মান ফেল’-২০০২ সন্মানিত হয় আৰু শেহতীয়াকৈ সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে।সেইবাবেই কিজানি ভূপেন মামাই গাইছিল অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্বদিশৰ সূৰ্য্য উঠা দেশ… অসীম গুণেৰে সমৃদ্ধিশালী সূৰ্য্য উঠা দেশৰ এইসকল অসমীয়াই আমাৰ সাহিত্যৰ ভৰাঁল চহকী কৰা একো একোজন মহীৰূহ।

স্বাগতা বৰুৱা গোস্বামী