অসমৰ কভিড পৰিস্থিতি আৰু ৰাজনীতি ~~~~~~ ফখৰুদ্দিন আহমেদ

PC-CGTN

অসমৰ কভিড পৰিস্থিতি আৰু ৰাজনীতি
~~~~~~

ফখৰুদ্দিন আহমেদ

সাম্প্ৰতিক সময়ত অসমত কভিড ১৯ ৰ দ্বিতীয় ঢৌ বিদ্যমান হৈ আছে। বিগত বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বৰ পৰা এই ঢৌত অসম যদিও আক্ৰান্ত হৈ আছিল কিন্তু আগন্তুক নিৰ্বাচন সাপেক্ষে চৰকাৰ আৰু জনসাধাৰন সকলোৱে উলাই কৰি চলিছিল কভিডৰ প্ৰতিৰক্ষাৰ সকলো নীতি নিয়ম। যাৰ ফলশ্ৰুতিত সমগ্ৰ অসমৰ চহৰ-নগৰ আৰু গ্ৰাম্যাঞ্চল পৰ্যন্ত কভিড ১৯ ৰ দ্বিতীয় ঢৌত বাৰুকৈয়ে পতিত হৈছে।
এই দ্বিতীয় ঢৌৰ সংক্ৰমনৰ কবলৰ পৰা ৰক্ষা পাবলৈ চৰকাৰ আৰু স্বাস্থ্য বিভাগে নিত্য নতুন অধিসূচনা জাৰি কৰি আছে। সদ্য মুহূৰ্তত চহৰ আৰু গ্ৰাম্যাঞ্চলত দিনৰ ১১-০০ বজালৈ দোকান-পোহাৰ আৰু যাতায়ত খোলা আছে যদিও আন্তঃজিলা যাতায়ত বন্ধ আছে আৰু দিনৰ দুই বজাৰ পৰা ৰাতিপুৱা ৫-০০ বজালৈ সান্ধ্য আইনৰ প্ৰচলন কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ক্ষুদ্ৰ ব্যবসায়ী , দিন হাজিৰা কৰা ব্যক্তি সকল লগতে মধ্যবিত্ত শ্ৰেনীৰ লোক সকল। সান্ধ্য আইনৰ সময়চোৱাত পেটৰ তাড়নাত , পৰিয়াল পৰিচালনাৰ তাড়নাত ৰাস্তালৈ ওলাই অহা ব্যবসায়ী , দিন হাজিৰা কৰা লোক , ৰিক্সা চালক আৰু অ’টো চালক আদি বিভিন্ন বৰ্গৰ ব্যক্তি সকল আৰক্ষী লোকৰ দ্বাৰা বাৰুকৈয়ে নিৰ্যাতিত হ’ব লগা পৰিস্থিতিত পৰিছে। আকৌ স্থান বিশেষে দুই এক আৰক্ষীৰ লোকে তেনে কিছুলোকক আৰ্থিক ভাবে সকাহ দি বিৰল নজিৰো স্থাপন কৰিছে। আৰক্ষী লোক সকলো যিহেতু মানুহহে সেয়ে ৰাস্তালৈ ওলাই অহা লোক সকলৰ সুবিধা অসুবিধাবোৰ সৌজন্যতা সহকাৰে জ্ঞাত হৈহে শাস্তিৰ বা সহায়ৰ ব্যবস্থা কৰিলে কোনেও মানসিক ভাবে কষ্ট ভোগ কৰিবলগা নহয়।
আমাৰ ৰাজ্য চৰকাৰ খনৰো কভিডৰ বিপৰ্যস্ত দিনবোৰত জনসাধাৰনৰ প্ৰতি অসীম দায়িত্ববোধ আছে। চিকিৎসা সম্পৰ্কীয় উন্নয়নৰ দিশটোৰ প্ৰতি মনোযোগ দিয়াৰ লগতে এনে পৰিস্থিতিত আৰ্থিক ভাবে বিপৰ্যস্ত লোক সকলৰ প্ৰতি ইতিবাচক ব্যবস্থা , কভিড ১৯ ত আক্ৰান্ত হোম আইচলেচনত থকা লোক সকলৰ নিয়মিত যথাৰীতি পৰ্যবেক্ষন , বিশেষকৈ দিন হাজিৰা কৰা আৰু পৰিয়ালত চৰকাৰী চাকৰি নথকা পৰিয়াল বিলাকক আৰ্থিক আৰু খাদ্য সামগ্ৰী প্ৰদানেৰে জীৱন সংগ্ৰামৰ উৎসাহিত কৰা , কভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু বৰন কৰা লোক সকলক এককালিন সাহায্য প্ৰদান কৰা আদি আঁচনি লৈ চৰকাৰে কাৰ্যকৰী দিশত আগবাঢ়িলে জনসাধাৰনৰ নথৈ উপকাৰ হ’ব।
সাম্প্ৰতিক সময়ত অসমৰ ৰাজনীতিত জোকাৰনি তুলি থকা বিষয়বিলাকৰ ভিতৰত মূল বিষয়কেইটা হ’ল – সদ্য সমাপ্ত অসমৰ প্ৰথম বিধান সভাত ৰাজ্যপালৰ ভাষনত উল্লেখিত গো সুৰক্ষা আইন , মুখ্যমন্ত্ৰী মহোদয়ে ঘোষনা কৰা এন আৰ্ চিৰ ভিত্তি বৰ্ষ ইং ১৯৭১ চনৰ পৰা ইং ১৯৫১ চনলৈ নিয়া আৰু সদনৰ মজিয়াত তৃতীয় দিনা মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ দলৰ নেতা , শিবসাগৰৰ নবনিৰ্বাচিত বিধায়ক অখিল গগৈক মানসিক ৰোগী বুলি বক্তব্যত উল্লেখ কৰা।
অসমখনি সম্প্ৰীতিৰ ক্ষেত্ৰ বুলি সমগ্ৰ ভাৰতবৰ্ষতেই বিদিত। বিগত বিধান সভাৰ নিৰ্বাচন উপলক্ষে অসমৰ ৰাজ্যিক বি জে পি দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত উল্লেখ নথকা আৰু কোনো নিৰ্বাচনী নিৰ্বাচনী সভাৰ বক্তব্যত বি জে পি দলৰ নেতৃত্বৰ মুখত উচ্চাৰিত নোহোৱা গো সুৰক্ষা আইন খন পোনপটীয়াকৈ ৰাজ্যপালৰ ভাষনত স্থান পোৱাত অসমৰ জনসাধাৰনৰ মাজত সন্দিহানৰ সৃষ্টি কৰিছে। অৱশ্যে গো সুৰক্ষা আইনৰ অধীনৰ বাহিৰা ৰাষ্ট্ৰলৈ অবৈধ গো সৰবৰাহ বন্ধ হওক তাত কাৰোৰেই কোনো কথা ক’বলগা নাই। কিন্তু ইতিমধ্যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত সংঘটিত হৈ যোৱাৰ দৰে গো মাংসক উৎস কৰিলৈ হ’ব পৰা দুৰ্ভাগ্যজনক পৰিস্থিতি যাতে অসমত নঘটে তাৰ প্ৰতি প্ৰশাসন সদা সতৰ্ক থাকিব লাগিব।
ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এন আৰ্ চিৰ ভিত্তি বৰ্ষ ইং ১৯৭১ চনৰ সলনি ইং ১৯৫১ চন হ’ব বুলি ঘোষনা কৰিছে আৰু এশ শতাংশই পুনৰ এন আৰ্ চিৰ নথি পত্ৰ পৰীক্ষা কৰা হ’ব বুলি উল্লেখ কৰিছে।ইং ১৯৭১ চনটি এন আৰ্ চিৰ ভিত্তিবৰ্ষ হিচাপে লোৱা হৈছিল বিগত ইং ১৯৭৯ চনৰ পৰা সমগ্ৰ অসম জুৰি ছ বছৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা বিশ্বখ্যাত অসম আন্দোলনৰ সফল সমাপ্তিত ইং ১৯৮৫ চনত ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আৰু তদানিন্তন কেন্দ্ৰীয় চৰকাৰ মাজত স্বাক্ষৰিত অসম চুক্তিৰ মৰ্মেহে। যিটো আন্দোলনত অসমৰ আঠ শ পছপন্ন গৰাকী ডেকা শ্বহীদ হৈছিল। সাম্প্ৰতিক মুহূৰ্তত চিন্তনীয় বিষয়টি হৈছে এন আৰ্ চিৰ সমস্যাটি সমাধান হ’ব নে ৰাজনৈতিক দলবোৰৰ ৰাজনৈতিক সমস্যা হিচাপে জীয়াই থাকিব? কাৰন ৰাজ্যৰ এটি সমস্যা সমাধান হোৱাৰ ক্ষেত্ৰত কেৱল শাসকীয় দলৰেই নহয় , বিৰোধী দলবোৰৰো ধনাত্মক দৃষ্টিভংগী আৰু সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন।
অসমৰ বিধান সভাৰ নিৰ্বাচনত যোগ হোৱা নতুন অভিলেখটি হ’ল চলিত বৰ্ষত অসমত অনুষ্ঠিত হৈ যোৱা বিধান সভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ সভাপতি , কৃষক নেতা অখিল গগৈয়ে জেলৰ পৰা প্ৰতিদন্দ্বিতা কৰি সন্মানীয় শিবসাগৰ বিধান সভা সমষ্টিৰ পৰা বিজয়মালা পিন্ধিবলৈ সক্ষম হৈছে। নিয়াৰ ন্যায়ালয়ৰ আদেশমৰ্মে অখিল গগৈয়ে সদনলৈ আহি শপত গ্ৰহন কৰিলে যদিও পৰৱৰ্তী দুদিন তেখেত উপস্থিত থাকিব নোৱাৰিলে আইনগত কাৰনত। তৃতীয় দিনা অখিল গগৈৰ অনুপস্থিতি সম্পৰ্কত উপস্থাপিত প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকৰ প্ৰসংগ টানি আনি অখিল গগৈ এক প্ৰকাৰে মানসিক ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে চিকিৎসাধীন হৈ থকা বুলি উল্লেখ কৰে। এই লৈ ৰাইজৰ দল আৰু সচেতন জনতাৰ মনত প্ৰশ্ন উদয় হৈছে যে মানসিক ৰোগত আক্ৰান্ত হৈ থকা এগৰাকী লোকক কিয় শপত গ্ৰহনৰ বাবে অসম বিধান সভাৰ মজিয়ালৈ চিকিৎসকে পঠিয়াই দিছিল?
অসমৰ সদ্য সমাপ্ত বিধান সভাৰ মজিয়াত গুৰুত্বপুৰ্ন ভাবে আৰু বিশ্লেষনাত্মক ভাবে কভিড ১৯ ৰ পৰিস্থিতিত সাধাৰন জনতাক সকাহ দিব লগা সম্পৰ্কত আলোচনা কৰিব লাগিছিল । কিন্তু বিষয় সিমান ধৰনে আলোচনা নহ’ল।কভিড ভেক্চিনৰ চাহিদা জনসাধাৰনে যিধৰনে পাব লাগিছিল সেই ধৰনে পোৱা নাই বুলি নিউজ চেনেল আৰু চচিয়েল মেডিয়াত চৰ্চিত হৈ আছে।
গো সুৰক্ষা আইনতকৈ নাৰী সুৰক্ষা আইন , এন আৰ্ চিৰ ভিত্তি বৰ্ষ সলনি হওক ক’ব লগা নাই কিন্তু সৰ্বসাধাৰনে সম্প্ৰতি কিদৰে জীৱন সংগ্ৰামত জীয়াই থাকিব আৰু চৰকাৰেই হওক বা জনতায়ে হওক অখিল গগৈৰ সম্পৰ্কত যিমান বিতৰ্কত লিপ্ত হৈছে তাতকৈ ওচৰ চুবুৰীয়া তথা অঞ্চলৰ কোন কোন মানুহ কভিড ১৯ ৰ পৰিস্থিতিত লঘোনে ভোকে আছে সেই সকলক সহায়ৰ হাত আগবঢ়াও ।তাৰ মানে এইটো নহয় যে সমস্যা কেইটিক অবহেলা কৰা হৈছে ।মুঠ কথা হ’ল সময়ৰ চাহিদাহে মানুহে পুৰন কৰিবলৈ ব্যস্ত হ’ব লাগে নগ’লে বিপদৰ দিনত সময়ে মানুহক উভতি নাচাব।

মোবাইল নং-৮৬৩৮৩১২৭০৭