অসমৰ উমলাখেৰৰ দৈনিক বজাৰ খাছিয়াই বন্ধ কৰিলে

pc-The Times of India

অসমৰ উমলাফেৰৰ দৈনিক বজাৰ খাছিয়াই বন্ধ কৰিলে

অনলাইন বাৰ্ত্তাসেৱা- অসম-মেঘালয় সীমান্তৰ উমলাফেৰ অঞ্চলত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি। মেঘালয়ৰ হেকনিউট্ৰেপ য়ুথ ফেডাৰেচন(এইচ ৱাই এফ) নামৰ সংগঠনটোৰ লগত ৪০খন গাড়ীত স্থানীয় খাছী লোকে অসম-মেঘালয় সীমান্ত অঞ্চলৰ পৰা অসমৰ ভিতৰলৈ ৪০ কিলোমিটাৰ পথ অতিক্ৰম কৰি উমাতলৈ আগুৱাই আহে। চাৰি শতাধিক লোকৰ সমদলটো আহি উমালফেৰ দৈনিক বজাৰত উপস্থিত হোৱা মাত্ৰকে কাৰ্বি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে অসম আৰক্ষীৰ সহযোগত খাছী লোকৰ সমদলটোক বাধা প্ৰদান কৰে। সেই সময়তে খাছী লোকসকলে ডাবি-ধমকিৰে উমলাফেৰ দৈনিক বজাৰৰ দোকান-পোহাৰসমূহ বন্ধ কৰি দিয়ে। চাৰি শতাধিক খাছীলোকে উমলাফেৰ অঞ্চলত প্ৰৱেশ কৰাৰ বাবে চলোৱা চেষ্টাত উত্তেজনাৰ সৃষ্টি হয়। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ উমলাফেৰত অব্যাহত আছে উত্তপ্ত পৰিস্থিতি।

(RT)