অসমী আই-পংকজ ৰাজ

Pc-printrest

অসমী আই

 

I’m so sorry!He is great! I don’t know কিন্তু ম‌ই কৰি যাম Only for You! খিছিৰি কথাৰে চলে আমাৰ জীৱন! কাৰণ আমি বিদায় দিম এদিন নিজস্বতা,, সংস্কৃতি বুলি ধ্বজা উৰিয়াই দিম পশ্চিমীয়াৰ!!দিম জানো বিদায়?দিম জানো উৰুৱাই?

জীৱনটো দেখোন আধৰুৱা আধৰুৱা লাগে তুমি নহলে !তুমিগুছি গলে মোৰ চিনাকি শেষ হৈ যাব, বুজিছানে মোৰ অসমী আই

ইংৰাজী গাণ শুনিলে ভয় লাগে,,,মনটোৱে প্ৰশ্ন কৰে আমি পুনৰাই দাসত্বৰ শিকলিটো মেৰিয়াই লোৱা নাই?
জয় অসমী আই তোমাৰ সমান কোনো নাই!তোমাৰ তৃষ্ণাতে পি আছোঁ সপোনবোৰ! কিন্তু গড় হত্যা হ’লে বহু দুখ লাগে! জানো তোমাৰ দুচকুৰে ভাহি আহে হিয়াৰ কান্দোন! কাজিয়া হয় নিজৰ মাজতেই!ভাষা অথবা জাতি ধৰ্মক লৈ! ৰাজনীতিও লেতেৰা আপোনাৰ কিছু পুত্ৰৰ!যেন হস্তিনাপুৰৰ শাসন কাল।তুমি দুৰ্ভগীয়া আই,, গান্ধাৰীৰ দৰে জীৱন কটাইছা! এদিন তোমাৰ বুকুতে হ’ব কুৰুক্ষেত্ৰ! হ’ব এক ধৰ্ম যুদ্ধ! তোমাৰ বুকৰে বৈ যাব ৰক্ত! চিন্তা নকৰিবা,, শেষ সময়ত শান্তি বিয়পিব! ব্ৰহ্মপুত্ৰৰ ঢৌৱে ঢৌৱাই নিব উশৃংখলাৰ মেটেকা! কামাখ্যা ধামত বাজি উঠিব “চিৰ চেনেহী মোৰ ভাষা জননী”শ্লোগান! হয়তো সিদিনা হ’ব অসমীয়া একত্ৰিত!!

পংকজ ৰাজ