অসমীয়া ভাষা অপসাৰণ কৰাৰ চেষ্টা চলাইছে চৰকাৰেঃড° হীৰেন গোহাঁই

অসমীয়া ভাষা অপসাৰণ কৰাৰ চেষ্টা চলাইছে চৰকাৰেঃড° হীৰেন গোহাঁই

ৰঙিলী বাৰ্ত্তাসেৱা-  লাচিতে মুছলমান বিৰুদ্ধে যুদ্ধ কৰিছিল বুলি কব নোৱাৰি৷এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱি ড° হীৰেন গোহাঁইৰ৷ গোহাঁইৰ বাসগৃহত অনুষ্ঠিত সংবাদ মেলত গোহাঁই কয়- লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী হিচাপে যি দৰে এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰা হৈছে এয়া কেৱল কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰেহে সৃষ্টি কৰিছে৷অসমবাসীয়ে বা অসমীয়া ৰাইজে স্বইচ্ছাৰে কিন্তু এই পৰিবেশ সৃষ্টি কৰা নাই৷একাংশই অসমখনক খণ্ড বিখণ্ড কৰাৰ ষড়যন্ত্ৰ কৰি আছে৷চৰকাৰে লাচিতে মোগলৰ বিৰুদ্ধে অৰ্থাৎ মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল বুলি যি ধৰণে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাচিতক উপস্থাপন কৰা হৈছে সেইয়া অসমীয়া জাতিটোৰ বাবে শুভ সংকেত নহয়৷জনজাতীয় লোক সকলক ৫০ বিঘা মাটি দিম বুলি যি কথা কৈ আছে এসময়ত সেই মাটি মাৰোৱাৰী বহিৰাগত বনিয়াৰ হাতলৈ যায়৷অসম আৰু অসমীয়াৰ মাটি পুঁজিপতিৰ হাতত গতাবলৈ চৰকাৰে বিভিন্ন প্ৰকাৰে ব্যৱস্থা কৰিছে৷মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰতও চৰকাৰখনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেইয়াও মুঠেই সন্তোষজনক নহয়৷ অসমৰ মানুহৰ মাজত এতিয়াও ঐক্য আছে তেওঁলোকে জাতিটোক বচাবলৈ আগ্ৰহী কিন্তু কেনেকৈ কি কৰিব তাৰ সঠিক পথ বিচাৰি পোৱা নাই৷ অসমৰ চাহক লৈ আমি গৌৰৱ কৰো কিন্তু অসমৰ অধিকাংশ চাহ বাগিচাৰ মালিক বিদেশী৷অসমীয়া ভাষা অপসাৰণ কৰাৰ চেষ্টা চলাইছে চৰকাৰে৷প্ৰাথমিক শিক্ষাত ইংৰাজী হিন্দী সংযোজনৰ অন্তৰালত গভীৰ ৰহস্য আছে৷কামৰূপী ভাষাক মান্য ভাষা কৰিবলৈ একাংশই প্ৰচেষ্টা চলাইছে৷ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগ কৰিবলৈ সুৰংগ পথ নিৰ্মান কৰিব বিচাৰিছে ভাল কথা কিন্তু এই সুৰংগ পথৰ বাবে বহু অসমীয়াই নিজৰ মাটি হেৰুৱাব৷মাটিৰ বাবদ টকা পাব সঁচা কিন্তু কিমান ! আৰু সেই টকাৰে কিমান দিন চলিব অসমৰ অসমীয়া৷