অসমীয়া নাৰীসকলৰ লোকাচাৰ -উৰুলিঃ বন্দিতা শৰ্মা কন্দলি ।দেৰগাঁও

Pc-epiconic

অসমীয়া নাৰীসকলৰ লোকাচাৰ -উৰুলি
অসমৰ লোকসংস্কৃতি আৰু লোকাচাৰ সমূহে অসমীয়া সংস্কৃতিক চহকী কৰি তোলাৰ লগতে অসমীয়া জাতিটো বৈচিত্ৰপূৰ্ণ আৰু এক সুকীয়া মৰ্যদা প্ৰদান কৰিছে ।’উৰুলি ‘ অসমীয়া সমাজৰ এক এৰাব নোৱাৰা বিচিত্ৰ লোকাচাৰ ।অসমীয়া মহিলা সকলে সমস্বৰে একে উশাহতে উচ্চাৰণ কৰা এবিধ মংগল ধ্বনি হৈছে -উৰুলি ।অসমৰ বিশেষকৈ হিন্দু সমাজৰ পূজা -পাৰ্বণ, বিবাহ আদি সামাজিক বৈদিক অনুষ্ঠান,ৰাজহুৱা অবৈদিক অনুষ্ঠান আদি প্ৰতিটো মাংগলিক অনুষ্ঠানতে উৰুলি অবিচ্ছেদ্য অংগ ।পূজা পাৰ্বন আৰু বিবাহ অনুষ্ঠানত উৰুলিয়ে আধ্যাত্মিকতা পূৰ্ণ কৰি তোলাৰ লগতে উৎসৱ মুখৰ কৰি তোলে ।উৰুলি অবিহনে এখন বিয়া তেনেই উকা ।বিয়াখনৰ আৰম্ভণি ৰ পৰা শেষলৈকে মহিলা সকলৰ উৰুলি আৰু বিয়া নামে অৰ্থবহ আৰু আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
অসমীয়া হিন্দু নাৰী সকলৰ মাজত উৰুলি কেতিয়াৰ পৰা কেনেদৰে প্ৰচলিত হল এই কথা সঠিক কৈ জনা নাযায় ।ভাৰতৰ বাঙালী সমাজতো উৰুলিৰ ব্যৱহাৰ দেখা যায় ।বাংলাদেশৰ হিন্দু নাৰীসকলৰ মাজতো উৰুলি প্ৰথা প্ৰচলিত বুলি জনা যায় ।বাংলাভাষাত উৰুলিক ‘উলুধ্বনি ‘ বুলি কোৱা হয় ।ইংৰাজীত funy noise ।অতীজত অসমৰ জনজাতি সমাজৰ নাৰীসকলে পুৰুষ সকলক উৎসাহিত কৰিবলৈ উৰুলি দিছিল বুলি জনা যায়।যি কোনো সংঘৰ্ষ, যুদ্ধ -বিগ্ৰহ আদিত জয়লাভ কৰিবলৈ উৰুলি দি জনজাতীয় মহিলাই পুৰুষ সকলক সাহস যোগাইছিল ।
অসমৰ লোক জীৱনৰ আধাৰ হৈছে প্ৰকৃতি ।জীৱনৰ সকলো ধৰণৰ উপলব্ধি প্ৰকাশ পাই প্ৰকৃতিৰ মাজত ।অসমীয়া লোকে প্ৰকৃতিৰ কোলাত মুকলি মূৰীয়াকৈ জীৱন কটাই প্ৰকৃতিৰ ৰূপ, ৰস,গন্ধ, স্পৰ্শ, সৌন্দৰ্য্য, ধ্বনি আদি উপলব্ধি কৰিবলৈ শিকিলে ।পৰ্বত- পাহাৰ,হাবি বননি ত পখী ৰ সুললিত গীতে মাতে অসমীয়া লোকক সৃষ্টিৰ প্ৰেৰণা যোগাই আহিছে । প্ৰকৃতিৰ বিন্যাসেই মানৱ সভ্যতাৰ আধাৰ ।অসমীয়া ধ্বন্যাত্মক বহু শব্দ প্ৰকৃতিক অনুকৰণ কৰিয়েই সৃষ্টি হৈছে ।সেই হিচাপে প্ৰকৃতিৰ অনুপম সৃষ্টি ফেঁচাৰ উৰুলি ৰ ধ্বনি অনুকৰণেই অসমীয়া সমাজৰ উৰুলি বুলি ভবাৰ থল আছে ।অসমীয়া জন বিশ্বাস মতে ফেঁচা ই উৰুলি দিলে অঞ্চলটোত কাৰোবাৰ বিয়াৰ যোগ সমাগত বুলি ভবা হয় ।সেয়ে চাগে অসমীয়া সমাজৰ বিবাহ অনুষ্ঠানত উৰুলি এক অবিচ্ছেদ্য অংগ ।যিহেতু ফেঁচাৰ উৰুলি ক মংগল ধ্বনি হিচাপে জ্ঞান কৰা হয় সেয়ে অসমীয়া সমাজৰ প্ৰতিটো শুভ কাৰ্যত মহিলা সকলে সমস্বৰে একে উশাহতে তিনি বাৰ বা পাঁচ বাৰ উৰুলি দিয়াৰ প্ৰচলন আছে ।
পখীৰ উৰুলি য়ে শুভবাৰ্তা কঢ়িয়াই বুলি জনপ্ৰিয় গীতিকাৰ, সুগায়ক তফজ্জুল আলী ৰ গীতে কৈছে -”বহাগে আনিলে সুৰৰে বাতৰি / বুকুৰ মাজত কুলিৰে কাকলি / আজিয়ে আহিব চিনাকি অতিথি /শুনিছোঁ পখীৰ উৰুলি ।”
আদৰ সম্ভাষণ ত উৰুলি ৰ ব্যৱহাৰ ৰ কথা গীতিকাৰ জনে কৈছে -”নৱ নৱ অনুৰাগে ভৰে তনুমন /কাৰ বাবে বাট চাই আছোঁ অনুক্ষণ /মাধবী আহিব আজি দিয়া উৰুলি ।”
আধুনিকতাৰ প্ৰভাৱত মহিলা ৰ এই মংগল ধ্বনি, আনন্দ ধ্বনি, উৎসাহ -উদ্দীপনা ধ্বনি ৰ প্ৰচলন কিছু হ্ৰাস পালেও বিভিন্ন উৎসৱত উৰুলি প্ৰতিযোগিতা পাতি এই বিধ লোকাচাৰ ধৰি ৰখাৰ ব্যৱস্থা অব্যাহত ৰাখিছে ।আধ্যাত্মিক ভাবে প্ৰচলন কৰা এই ধ্বনি য়ে কণ্ঠ,জিভা আৰু শ্বাস কাৰ্যত সুপ্ৰভাব পেলায় ।জিভাৰ জঠৰতা ভাঙে ।মৃদু কম্পনৰ ভূমিকম্পৰ জোকাৰণি ৰ উমান চুবুৰীয়া মহিলা ৰ সুললিত উৰুলি ৰ জাউৰিত হে কেতিয়াবা উমান পোৱা যায় ।ভূমিকম্প আহিলে ‘উৰুলি ৰে আদৰা ‘ইয়ো এক সুকীয়া বৈচিত্ৰৰ লোকবিশ্বাস ।এনে এক বিৰল লোকাচাৰ জীয়াই ৰাখিবলৈ প্ৰতিগৰাকী নাৰীয়ে আগ্ৰহী হোৱা উচিত ।

বন্দিতা শৰ্মা কন্দলি ।দেৰগাঁও ।