অসমীয়া ইউনিকোড ফ’ণ্ট উষা আৰু জোনাকী বিনামূলীয়াকৈ উপলব্ধ

pc wikipedia

অসমীয়া ইউনিকোড ফ’ণ্ট উষা আৰু জোনাকী বিনামূলীয়াকৈ উপলব্ধ

দিছপুৰ, ১৭ মাৰ্চঃ  অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব তথা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মিছন সঞ্চালকে জনাইছে যে, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (ৰুচা) অসমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ২ টাকৈ অসমীয়া ইউনিকোড ফ’ণ্ট ক্ৰমে ‘উষা’ আৰু ‘জোনাকী’ বিকাশ কৰি উলিয়াইছে। এই দুয়োটা ফ’ণ্ট এতিয়াৰে পৰা https://assamesefont.eofficerusaassam.in শীর্ষক লিংকত বিনামূলীয়াকৈ উপলব্ধ কৰা হৈছে আৰু এই ফ’ণ্টৰ লগতে ‘Key Board’ ডাউনল’ড কৰিব পাৰিব।